কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া বাধ্যতামূলক কৰাৰ দাবী কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ

কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া বাধ্যতামূলক কৰাৰ দাবী কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ

কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া বাধ্যতামূলক কৰাৰ দাবী কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ । কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাই ৰাজ্যৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড ( চি বি এছ চি) ত অসমীয়া ভাষা বাধ্যতামূলক বিষয় হিচাপূ স্বীকৃতি প্ৰদান কৰাৰ দাবী কৰে।‌ লগতে সন্থাটোৱে অসমৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰীষ্মকালীন বন্ধ অন্যান্য বিদ্যালয় সমূহৰ লগত সংগতি ৰাখি জুন জুলাই মাহত ঘোষনা কৰাৰ দাবী উত্থাপন কৰে।

ৰবিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু সাধাৰণ সম্পাদক ৰমেন দাস আৰু সন্থাৰ অন্য কিছুমান সদস্যই কয় যে সন্থাই নিৰবিচ্ছিন্ন ভাৱে এই দাবী সমূহ উত্থাপন কৰি আহিছে। তেওঁলোকে এই উদ্বেগজনক বিষয়টো অৱগত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী , লগতে কেইবাজনো সাংসদক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সন্থাটোৱে দাবী প্ৰদান কৰে যে কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া বিষয়টো প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চস্তৰ পৰ্যায়লৈ অন্তৰ্ভুক্ত কৰাৰ লগতে তাৰ বাবে পৰীক্ষা ও অনুষ্ঠিত কৰিব লাগে ।

কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে ' আমাৰ প্ৰথম দাবী হ'ল যে বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া বিষয়টো বাধ্যতামূলক হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। তেওঁ কয় যে " কেন্দ্ৰীয় বিদ্যালয় সমূহত অসমীয়া বিষয়টো পঢ়োৱা হয় , কিন্তু এয়া কেৱল ষষ্ঠ শ্ৰেণীলৈহে লগতে ই অনিয়মিত। তদুপৰি অসমীয়া বিষয়ৰ ওপৰত পৰীক্ষা ও অনুষ্ঠিত কৰা নহয় । সেয়ে আমি অসমীয়া বিষয়টো অনিবাৰ্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবী প্ৰদান কৰাৰ লগতে মাধ্যমিক শিক্ষা বোৰ্ড, অসম (চেবা) ৰ অন্তৰ্গত বিদ্যালয় সমূহৰ লগত গ্ৰীষ্মকালীন বন্ধৰ ঘোষণাৰ দাবী কৰো '' ।

কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাই কয় যে শিক্ষাৰ্থী সকলে বিদ্যালয় কৰ্তৃপক্ষক আৱেদন প্ৰদান কৰি অসমীয়া ভাষা শিকিব পাৰে কিন্তু ইয়াৰ ওপৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰে। মাতৃভাষা শিকাৰ বিষয়টো উত্থাপন কৰাৰ আগতে বহু বছৰ আগতে তিনি ভাষাৰ সূত্ৰ তৈয়াৰ কৰা হৈছিল। কিন্তু অসমত দেখিবলৈ পোৱা যায় যে তিনি ভাষাৰ সূত্ৰটো কেন্দ্ৰীয় বিদ্যালয় সমূহক বাদ দি অধিকাংশ বিদ্যালয়ত পালন কৰা হয় ।

কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাই কয় যে তেওঁলোকে অভিভাৱক হিচাপে অসহায় অনুভৱ কৰে যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে নিজৰ মাতৃভাষা শিকিব নোৱাৰে।

কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাই আশা কৰে যে তেওঁলোকৰ দাবী সমূহ অতি শীঘ্ৰেই পূৰণ হ'ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com