Begin typing your search above and press return to search.

কলকাতাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তি

কলকাতাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Feb 2020 5:25 AM GMT

কলকাতাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তি । ৰবিবাৰে কলকাতাৰ ৰাছেল ষ্ট্ৰীটত অৱস্থিত অসম চৌহদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্ত্তি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই প্ৰতিমূৰ্ত্তিটো ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যেগত তথা সাধাৰণ প্ৰশাসন আৰু গড়কাপ্তানী (গৃহ) বিভাগৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা হয় ।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বক্তব্য প্ৰকাশ কৰি কয় যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ ফলত অসমৰ সাহিত্য , সংস্কৃতিৰ‌ লগতে অসম আৰু পশ্চিম বংগৰ মানুহৰ মাজত সম্পৰ্ক অধিক দৃঢ় হ'ব । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই দিনটোক এক ঐতিহাসিক দিনৰ আখ্যা দি কয় যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কোলকাতাত থাকি তেওঁৰ বহু সাহিত্যিক কৃতি সৃষ্টি কৰিছিল। লগতে তেওঁ কয় যে এই প্ৰতিমূৰ্ত্তিটোৱে যুৱ প্ৰজন্মক আৰু অধিক সাহিত্যৰ বিষয়ে জ্ঞান লাভ কৰাত সহায় কৰিব । ইয়াৰ দ্বাৰা অসমীয়া সাহিত্য‌ আগবঢ়াই নিয়াত প্ৰেৰণা লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

প্ৰতিমূৰ্ত্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কঠোৰ পৰিশ্ৰমৰ ফলতহে কেৱল সফলতা লাভ কৰিব পাৰি । লগতে জীৱন সফল কৰি গঢ়ি তুলিবলৈ নিষ্ঠা, ইতিবাচক মনোভাৱ আৰু ‌আন্তৰিকতাৰ সহায়ত সম্পূৰ্ণ প্ৰয়াস কৰিব লাগে ।

তেওঁ অসম ভৱনৰ কতৃপক্ষকো প্ৰতিমূৰ্ত্তিটোৰ‌ যথাযথ ৰক্ষণাবেক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ মাজতে তেওঁ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা বিজু দাসৰ প্ৰশংসা কৰে ।

এই প্ৰতিমূৰ্ত্তি উন্মোচনী সভাত উপস্থিত থাকে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও । এই সভাত ভাষন প্ৰদান কৰি তেওঁ কয় যে লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমীয়া সাহিত্য বিকাশৰ বাবে অনবদ্য অৱদান আগবঢ়াইছে। তেওঁ কয় যে বেজবৰুৱা দেৱৰ সাহিত্যৰ প্ৰতি অসমৰ যুৱ প্ৰজন্মৰ আগ্ৰহ অসমীয়া সাহিত্যৰ প্ৰতি এক ভাল লক্ষণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এনে এজন ব্যক্তি যিয়ে অসম সাহিত্যক এক বিশেষ মৰ্য্যদা প্ৰাদান কৰিছে।

তদুপৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাছেল ষ্ট্ৰীটস্থিত অসম ভৱনটো ভাঙি ১১ মহলীয়া অত্যাধুনিক অসম ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আছে ।

উল্লেখযোগ্য যে ২০ লাখ টকা ব্যয়ৰে নিৰ্মান কৰি উলিওৱা হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিমূৰ্ত্তি।

অন্য খবৰৰ বাবে পঢ়ক : মাৰ্চ মাহৰ ভিতৰত পেন কাৰ্ডক আধাৰ কাৰ্ডৰ লগত সংযুক্ত কৰাটো অনিবাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক : Watch | Ex- SAMPRITI-IX , Indo- Bangladesh Joint Military exercise

Next Story
চাকৰি