Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰীক এনএচচিএন আই এমৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ ক’লে তৰুণ গগৈয়ে

মুখ্যমন্ত্ৰীক এনএচচিএন আই এমৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ ক’লে তৰুণ গগৈয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2019 5:03 AM GMT

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাৰত চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এনএচচিএন আই এমৰ কাৰণে পৃথক পতাকাৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কয়। বুধবাৰ তৰুণ গগৈয়ে দিছপুৰত এক সংবাদমেল আয়োজন কৰি কয় যে নগাৰ সংবিধান আৰু পতাকাৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰক ৷

ভাৰতৰ উচ্চতম ন্যায়ালয়ত অসম আৰু নাগালেণ্ডৰ মাজত সীমা বিবাদ চলি আছে ।সম্প্ৰতি এই তদন্তৰ গতি অত্যন্ত সীমিত ৷কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত ইয়াৰ গতি ক্ষিপ্ৰ আছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে বৰ্তমান ৰাজ্যৰ অৱস্থা অতি সংকটজনক। নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে ভাষা কলা সংস্কৃতি শেষ হৈ যাব। বিজেপি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলৈ উঠি পৰি লাগিছে।

অসম চৰকাৰৰ দুৰ্বল স্থিতিৰ বাবে অসমৰ ভৱিষ্যত বেয়াৰ ফালে যাব। জাতি মাটি ভেটি বিক্ৰী কৰিব ওলাইছে বিজেপিয়ে অগপই ভাষা সংস্কৃতিৰ ৰক্ষাৰ কথা কয় যদিও এতিয়া নৰম স্থিতি দেখা গৈছে। সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্য দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি ধৰণে পদক্ষেপ ল'ব লাগিছিল, লোৱা দেখা নাই এতিয়ালৈকে।

আগতে বিৰোধ কৰিছিল যদিও এতিয়া নিমাত।অসম চৰকাৰ আৰু তেওঁলোকৰ মাজত বুজা বুজি হ'ব পাৰে তাত অলপ সন্দেহ আছে। লেনদেন হৈছে বুলি নকওঁ ,কাৰণ মোৰ হাতত প্ৰমাণ নাই। এইয়া তৰুণ গগৈৰ মন্তব্য৷ লগতে কয় যে নাগৰিকত্ব বিধেয়ক আনি অসম চুক্তি আৰু এন আৰ চিক উপেক্ষা কৰিব বিচাৰিছে। আনহাতে অনাগত বিধানসভাত কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মিত্ৰতাৰ সন্দৰ্ভত কয় যে আমাক দু্ৱাৰ সকলোৰে কাৰণে খোলা আছে।

অধিক খবৰৰ বাবে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এনআৰচিৰ ন্যায়িক তদন্তৰ দাবী

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch CCTV Video | Businessman gunned down by miscreant in New Delhi

Next Story
চাকৰি