পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক : বিহাৰত যুৱকক মাৰ পিট, বিষ খোৱাই হত্যা

পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক : বিহাৰত যুৱকক মাৰ পিট, বিষ খোৱাই হত্যা

বিহাৰত পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত এজন যুৱকক মাৰ পিট কৰি , বিষ খোৱাই হত্যা কৰা হৈছে । বিহাৰৰ কাটিহাৰ জিলাৰ ৰাউতেলাত এই ঘটনা সংঘটিত হৈছে । বিবাহিত মহিলাৰে সম্পৰ্ক থকাৰ পৰিনতি হত্যাত পৰিনত ।

এই ঘটনাৰ সংঘটিত হোৱা সন্ধিয়ালৈ আৰক্ষীক এই ঘটনা অবগত কৰে । ঘটনাৰ লগত জড়িত অভিযুক্তক আটক কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

যুৱক জন আন এখন গাঁওৰ আছিল । পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক থকাৰ বাবে যুৱক জনক গছত বান্ধি বৰ্বৰ ভাৱে মাৰ পিট কৰিছিল ।

যেতিয়া যুৱক জনে পানী বিচাৰিছিল , তেতিয়া স্থানীয় লোকে মাৰ পিট কৰে। যুৱক জনক পানীৰ সৈতে বিষ মিলাই যুৱক জনক খোৱাই দিয়ে। বিষ পান কৰোৱাৰ পাছতে যুৱক জনে মৃত্যুক সাবতি লয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com