Begin typing your search above and press return to search.

বাইকৰ ইএমআই নিদিয়াৰ বাবে মাকক কোৱাই কোৱাই হত্যা পুতেকৰ

বাইকৰ ইএমআই নিদিয়াৰ বাবে মাকক কোৱাই কোৱাই হত্যা পুতেকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 1:42 PM GMT

নিজৰ মাতৃক কোৱাই কোৱাই হত্যা কলকাতাৰ এটা লম্পদ পুতেকৰ । কলকাতাৰ ২৬ বছৰীয়া এজন যুৱকে বাইকৰ ই এম আই নিদিয়াৰ বাবে কোৱাই কোৱাই হত্যা কৰে। বুধবাৰে এই ঘটনা সংঘটিত হৈছে । ৫৫ বছৰীয়া মাতৃ মাল্টি মণ্ডলক নিজৰ পুতেকেই হত্যা কৰে।

হাওৰা জিলাৰ উলোবেৰিয়া অঞ্চলত বাস কৰে মাল্টি মণ্ডলে। পুতেক ৰাকেশ মন্দল পাটকলৰ কৰ্মচাৰী । ৰাকেশে শেহতীয়াকৈ এখন বাইক কিনিছিল আৰু মাকৰ পৰা ই এম আই দিবলৈ কয় । এই সম্পৰ্কত মাকৰ লগত যথেষ্ট তৰ্ক বিতৰ্ক হয় ।

বুধবাৰে নিশা প্ৰায় ২ বজাত ৰাকেশ ঘৰলৈ আহি মাকক পইচা দিবলৈ দাবী জনাই। কিন্তু মাক অমান্তি হোৱাত পুতেকে মাকক লাঠিৰে কোৱাবলৈ আৰম্ভ কৰে । মাকৰ চিঞৰ শুনি ওচৰৰ লোক এজন আহি ৰাকেশক বাধা প্ৰদান কৰে যেতিয়া তেওঁকো আক্ৰমণ কৰে। তাৰপিছত ৰাকেশক গছ এজোপাত বান্ধি আৰক্ষীক খবৰ দিয়ে ।

পিছত মাকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মাল্টি মণ্ডলক মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে ৰাকেশক আটক কৰিছে।

বুধবাৰে নিশা ৰাকেশৰ পিতৃ কৰ্মস্থলীত আছিল । বাপেকে আৰক্ষীক জনাই যে তেওঁলোকৰ পুতেকে প্ৰায়ে মাকক পইচাৰ দাবী দিয়ে।

বাইকৰ ইএমআই নিদিয়াৰ বাবেই নিজৰ জন্ম দিয়া মাতৃক কোৱাই কোৱাই হত্যা কৰে পুত্ৰয়ে । এই সমগ্ৰ ঘটনায়ে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: মাতৃৰ উপদেশ মৃত্যুৰ কাৰণ হব পাৰে জানো? পঢ়িবলৈ কোৱাৰ কাৰণে আত্মহত্যা কিশোৰীৰ

Next Story
চাকৰি