Begin typing your search above and press return to search.

মাতৃৰ উপদেশ মৃত্যুৰ কাৰণ হব পাৰে জানো? পঢ়িবলৈ কোৱাৰ কাৰণে আত্মহত্যা কিশোৰীৰ

মাতৃৰ উপদেশ মৃত্যুৰ কাৰণ হব পাৰে জানো? পঢ়িবলৈ কোৱাৰ কাৰণে আত্মহত্যা কিশোৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2019 1:57 PM GMT

মাতৃয়ে পঢ়িবলৈ কোৱাৰ কাৰণে আত্মহত্যা ১৪ বছৰীয়া কিশোৰীৰ। সপ্তম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে এই ১৪ বছৰীয়া কিশোৰী গৰাকীয়ে।

নবম শ্ৰেণীৰ ছাত্ৰী সমীক্ষা দেশমুখে মাতৃৰ সৈতে এটা পাৰ্টিলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। মাতৃ নিবেদিতাৰ সৈতে মহাবীৰ চেদাৰ এপাৰ্টমেন্টত আয়োজিত পাৰ্টিলৈ যাবলৈ বিচাৰিছিল। কিন্তু মাতৃয়ে সমীক্ষায়ে প্ৰথমতে নিজৰ পঢ়া খিনি শেষ হোৱাটো বিচাৰিছিল । ইয়াতে কিশোৰী গৰাকী নিৰাশ হৈ ৭:৩০ বজাত জপিয়াই আত্মহত্যা কৰে । তৎক্ষনাত সমীক্ষাক হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় সমীক্ষাৰ ।

সমীক্ষাৰ পিতৃ বিজয় কুমাৰে ব্যক্তিগত কোম্পানীত কাম কৰে। আৰক্ষীয়ে এখন চুইচাইড নোট জব্দ কৰিছে। ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: আৰক্ষীৰ বেষ্টনীত ন্যায়ালয়ৰ ৫ মহলৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা অভিযুক্তৰ

Next Story
চাকৰি