পশ্চিমবংগৰ ব্যক্তিলৈ কুকুৰৰ ফটোযুক্ত ভোটাৰ কাৰ্ড প্ৰেৰণ নিৰ্বাচন আয়োগৰ

পশ্চিমবংগৰ ব্যক্তিলৈ কুকুৰৰ ফটোযুক্ত ভোটাৰ কাৰ্ড প্ৰেৰণ নিৰ্বাচন আয়োগৰ

পশ্চিমবংগৰ ব্যক্তিলৈ কুকুৰৰ ফটোযুক্ত ভোটাৰ কাৰ্ড প্ৰেৰণ নিৰ্বাচন আয়োগৰ

পশ্চিমবংগৰ এজন ব্যক্তিলৈ এটা কুকুৰৰ ফটোযুক্ত ভোটাৰ পৰিচয়পত্ৰ প্ৰেৰণ কৰি বিতৰ্কৰ সূত্ৰপাত ঘটালে দেশৰ নিৰ্বাচন আয়োগে। পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ ৰামনগৰ গাঁৱৰ নিবাসী সুনীল কৰ্মকাৰে বুধবাৰে এনে ভোটাৰ পৰিচয়পত্ৰ লাভ কৰে। স্বাভাৱিকতে এনে বিসংগতিপূৰ্ণ ভোটাৰ পৰিচয়পত্ৰ লাভ কৰি হতভম্ব হৈ পৰে কৰ্মকাৰ।তদুপৰি ইয়াক লৈ তেওঁ ক্ষুব্ধও হৈছে। উল্লেখ্য যে অহা বছৰ অসম, তামিলনাডু, কেৰালাৰ লগতে পশ্চিমবংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছৰ লগতে বিজেপিয়ে ৰাজ্যখনত একপ্ৰকাৰ নিৰ্বাচনী ৰণশিঙা বজাইছে। এনেদৰে নিৰ্বাচনী বতাহ ক্ৰমে গৰম হ’বলৈ ধৰাৰ সময়তে এনে বিসংগতিপূৰ্ণ ভোটাৰ পৰিচয়পত্ৰ লাভ কৰি ক্ষুব্ধ হৈ উঠিছে এই লোকজন। ভোটাৰ পৰিচয়পত্ৰৰ এনে বিসংগতিৰ বাবে পোনপটীয়াভাবে নিৰ্বাচন আয়োগক জগৰীয়া কৰিছে ভুক্তভোগীজনে। শীঘ্ৰে আয়োগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দি কৰ্মকাৰে কয়,“ আমাক কালি ভোটাৰ পৰিচয়পত্ৰ প্ৰদানৰ বাবে স্থানীয় দুলাই স্মৃতি স্কুললৈ প্ৰশাসনে মাতে।

সেই অনুসৰি আমি স্কুলত উপস্থিত হোৱাৰ পাছত আমাক ভোটাৰ পৰিচয়পত্ৰ বিতৰণ কৰা হয়। কিন্তু মোৰ ভোটাৰ পৰিচয়পত্ৰত মোৰ ফটোৰ পৰিৱৰ্তে এটা কুকুৰৰ ফটোহে আছে”। এই ফটো সংশ্লিষ্ট বিষয়াজনৰ চকুত নপৰাক লৈ তেওঁ আশ্বৰ্য প্ৰকাশ কৰি পুনৰ কয়,” বিষয়াজনে মোৰ ভোটাৰ পৰিচয়পত্ৰৰ নিৰ্দিষ্ট স্থানত চহী কৰি পৰিচয়পত্ৰখন মোক দিলে। ইয়ে মোৰ মৰ্যাদা হানি কৰিছে।এনেদৰে মানুহৰ মৰ্যাদাক লৈ খেল নেখেলিবলৈ মই আমাৰ বি ডি অ’ক অনুৰোধ জনাম”। আনহাতে, ঘটনা সম্পৰ্কত স্থানীয় খণ্ড উন্নয়ন বিষয়া(বি ডি অ’) ৰাজৰ্ষি চক্ৰৱৰ্তীয়ে সাংবাদিকক কয় যে কৰ্মকাৰৰ ভোটাৰ পৰিচয়পত্ৰৰ এই বিসংগতি অচিৰেই দূৰ কৰা হ’ব। এই ভোটাৰ পৰিচয়পত্ৰ চূড়ান্ত ভোটাৰ পৰিচয়পত্ৰ নহয় বুলি মন্তব্য কৰি বিষয়াগৰাকীয়ে কয়,’ যদি এই ভোটাৰ পৰিচয়পত্ৰত কোনো ভুল আছে, তেন্তে সেই ভুল অচিৰেই দূৰ কৰা হ’ব।

কৰ্মকাৰৰ ভোটাৰ পৰিচয়পত্ৰত ব্যক্তিজনৰ পৰিৱৰ্তে কুকুৰৰ ফটো সন্নিৱিষ্ট হোৱাৰ কাৰণ হ’ল যিজন ব্যক্তিয়ে অনলাইনত ভোটাৰ পৰিচয়পত্ৰৰ বাবে প-পত্ৰ পূৰণ কৰিছিল, তেৱেঁই ভুল কৰিলে। নিজৰ ফটোসহ শুদ্ধ ভোটাৰ পৰিচয়পত্ৰ তেওঁ শীঘ্ৰেই লাভ কৰিব”। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ পৰিচয়পত্ৰ সংযোগীকৰণৰ লক্ষ্য লৈছে। এই উদ্দেশ্য এক নতুন আইন প্ৰণয়নৰ লক্ষ্যেৰে কেন্দ্ৰীয় আইন মন্ত্যালয়ে এটা টোকা প্ৰস্তুত কৰি আছে। প্ৰক্ৰিয়াটোৰ বাবে কেন্দ্ৰই ১৯৫১ৰ জনপ্ৰতিনিধিত্ব আইন সংশোধনৰো যো-জা চলাইছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Coal laden truck overturns at Tinsukia-Makum bypass road, Driver injured

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com