Begin typing your search above and press return to search.

আছৰিতঃ টিক টক প্ৰেমী এইজন লোকে অগ্নিসংযোগ কৰিলে নিজৰ বাহনত: কিন্তু কিয়?

আছৰিতঃ টিক টক প্ৰেমী এইজন লোকে অগ্নিসংযোগ কৰিলে নিজৰ বাহনত: কিন্তু কিয়?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2019 12:07 PM GMT

টিক টক আজিৰ দিনৰ প্ৰজন্মৰ কাৰণে নতুন কথা নহয় ৷ ছ’চিয়েল মিডিয়াত টিক ট’ক ভিডিঅ’ৰ কাৰণে কিছুমান লোকে বিভিন্ন কাণ্ড সংঘটিত কৰে ৷ টিক টকৰ কাৰণে বিভিন্ন ষ্টান্ট কৰি ভিডিঅ’ নিৰ্মাণ কৰাৰ লগতে আন কিছুমানে আকৌ ধেমেলীয়া ভিডিঅ’ নিৰ্মাণ কৰে। কিন্তু গুজৰাটৰ ৰাজকোটৰ এজন লোকে আকৌ টিক টকৰ কাৰণে ল’লে এক বিশেষ পদক্ষেপ।

কাৰণ টিক প্ৰেমী লোকজনে ভিডিঅ’ নিৰ্মাণ কৰিবলৈ জ্বলাই দিয়ে নিজৰ বাহন ।হয় আপুনি ঠিকেই পঢ়িছে ৷টিক টক ভিডিঅ’ নিৰ্মাণ কৰিবলৈ এই ব্যক্তিজনে জ্বলালে নিজৰ জীপ গাড়ী ৷ইফালে টিক টকৰ কাৰণে বাহন খন জ্বলাওতেই এই দৃশ্য ৰেকৰ্ড কৰে নিৰ্ণয় কাপুৰ নামৰ এজন ব্যক্তিয়ে আৰু ব্যক্তি জনে এই ভিডিঅ’টি টুইটাৰ যোগে প্ৰকাশ কৰিছে ৷

Video Credits: Dinesh Joshi

[embed]https://twitter.com/i/status/1168817621891870720[/embed]

আনহাতে যি জন ব্যক্তিয়ে বাহন খন জ্বলাইছিল সেই ব্যক্তিজনৰ নাম ইন্দ্ৰজিৎ সিং জাডেজা। তেওঁ ৰাজকোটৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সন্মুখত বাহনখনত অগ্নি সংযোগ কৰে ৷ আৰু এই সমগ্ৰ দৃশ্য কেমেৰাত আৱদ্ধ হয় ৷ আৰু এই ভিডিঅ’ ভাইৰেল হৈ পৰে ৷ অৱশ্যে পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে বাহন খনৰ জুই নিৰ্বাপিত কৰে । আৰু অঞ্চলটোত অৰাজকতা বিয়পোৱাৰ কাৰণে ইন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰে ৷

লগতে যিজন লোকে এই ভিডিঅ’টো কৰি আছিল তেওঁকো বিছাৰি আছে আৰক্ষীয়ে ৷ কাৰণ ইন্দ্ৰজিতে সেই যুৱকজনক জ্বলি থাকোতে জীপ খনৰ টিকটক ভিডিঅ’ নিৰ্মাণ কৰিবলৈ কৈছিল। উল্লেখ্য যে টিক টক ভিডিঅ’ কৰি এনেদৰে বিভিন্ন পৰিস্থিতি সন্মুখীন কৰোৱাতো এইয়াই প্ৰথম নহয় ৷পূৰ্বতেও এনে বহু কাণ্ড সংঘটিত হৈছে ৷গুজৰাটত কিছু দিন পূৰ্বে কৰ্মৰত আৰক্ষীয়ে টিক টক ভিডিঅ’ নিৰ্মাণ কৰি কৰ্মৰ পৰা বহিস্কাৰ হৈছিল ৷

অন্য খবৰৰ বাবে পঢ়ক:খাদ্যৰ সন্মুখত কন্দলত লিপ্ত সিংহৰ জাক: আৰু তাৰ পাছত কি হ’ল?ভিডিঅ’ চাওক

ভিডিঅ প্ৰতক্ষ্য কৰক:Police recovered .22 pistol along with live ammunition in Lanka, Accused Absconding

Next Story
চাকৰি