Begin typing your search above and press return to search.

নিশা ৯ বজাত সম্প্ৰচাৰ হব "মেন ভাৰ্ছেচ ৱাইল্ড": মোদীক দেখা পোৱা যাব ব্যতিক্ৰমী ৰূপত

নিশা ৯ বজাত সম্প্ৰচাৰ হব মেন ভাৰ্ছেচ ৱাইল্ড: মোদীক দেখা পোৱা যাব ব্যতিক্ৰমী ৰূপত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2019 10:46 AM GMT

বহু চৰ্চিত " মেন ভাৰ্ছেচ ৱাইল্ড " সম্প্ৰচাৰ হব আজি নিশা ৯ বজাত । অধিক আগ্ৰহৰে অপেক্ষা কৰি আছিল দেশবাসীয়ে। Discovery চেনেলত জনপ্ৰিয় অনুষ্ঠান " মেন ভাৰ্ছেচ ৱাইল্ড" ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানটোৰ হষ্ট বীয়াৰ গ্ৰীলছৰ সৈতে দেখা পোৱা যাব ।

"মেন ভাৰ্ছেচ ৱাইল্ড" অনুষ্ঠানৰ হোষ্ট বীয়াৰ গ্ৰীলছে প্ৰকাশ কৰা টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে উত্তৰ দিয়ে। আজিৰ এই অনুষ্ঠানত বাবে অধিৰ আগ্ৰহৰে বাট চাই আছে সকলোৱে ।১৮০ খন দেশৰ লোকে প্ৰত্যক্ষ কৰিব আজিৰ এই অনুষ্ঠান।

https://twitter.com/narendramodi/status/1160827321265184768

অতি জনপ্ৰিয় অনুষ্ঠান ” মেন ভাৰ্ছেচ ৱাইল্ড” ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখিবলৈ পোৱা যাব । আজি এই অনুষ্ঠানটোৰ বিখ্যাত পৰিবেশক বীয়াৰ গ্ৰীলছৰ সৈতে একেলগে দেখিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । ডিস্কোভাৰী চেনেলৰ ৰোমাঞ্চকৰ অনুষ্ঠান মেন ভাৰ্ছেচ ৱাইল্ডৰ বিশেষ খণ্ডত মোদীক দেখিবলৈ পোৱা যাব ।ডিস্কোভাৰী চেনেলত মেন ভাৰ্ছেচ ৱাইল্ড অনুষ্ঠানটোৰ পৰিবেশক বীয়াৰ গ্ৰীলছে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।সম্প্ৰচাৰ কৰিব লগীয়া অনুষ্ঠানতো উত্তৰাখণ্ডৰ বিখ্যাত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত চুটিং কৰিছিল ।

ভাৰ্ছেচ ৱাইল্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় অভয়াৰণ্য সন্দৰ্ভৰ এটা বিশেষ শ্ব’ত ভাৰতৰ সাহসী প্ৰধানমন্ত্ৰীজনে গ্ৰীলছৰ সৈতে অৰণ্যৰ মাজত বিচৰণ কৰি পৰিবেশ সংৰক্ষণকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত অংশ লব। লগতে গ্ৰীলছৰ সৈতে অংশগ্ৰহণ কৰিব এটা দু:সাহসিক অভিযানত। এই দু:সাহসিক অভিযানৰ অংশ হিচাপে ৰিভাৰ ৰাফটিং, জংঘলৰ মাজেৰে খোজ কাঢ়ি অভয়াৰণ্যখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰিব। আজি নিশা ৯ বজাত প্ৰিমিয়াৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা যাব এক বিশেষ ৰূপত।সম্প্ৰচাৰ কৰিব লগীয়া অনুষ্ঠানতো উত্তৰাখণ্ডৰ বিখ্যাত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত চুটিং কৰিছিল ।

https://twitter.com/BearGrylls/status/1155714307872579585?ref_src=twsrc^tfw

এই অনুষ্ঠানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে প্ৰকাশ কৰে যে “ভাৰত – যত আপোনালোকে পাব সেউজীয়া অৰণ্য, বিভিন্ন বন্যপ্ৰানী , সুন্দৰ পৰ্বত আৰু নদী । এই অনুষ্ঠান চালে ভাৰতৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিবলৈ মন যাব ।”

গ্ৰীলছৰ সৈতে অংশগ্ৰহণ কৰিব এটা দু:সাহসিক অভিযানত। এই দু:সাহসিক অভিযানৰ অংশ হিচাপে ৰিভাৰ ৰাফটিং, জংঘলৰ মাজেৰে খোজ কাঢ়ি অভয়াৰণ্যখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ব্যতিক্ৰমী পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে অধিৰ আগ্ৰহৰে বাট চাই আছে দেশবাসীয়ে ।

অধিক খবৰৰ বাবে পঢ়ক: মেন ভাৰ্ছেচ ৱাইল্ড অনুষ্ঠানত দেখিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

ভিডিঅ প্ৰতক্ষ্য কৰক: Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Next Story
চাকৰি