Begin typing your search above and press return to search.

মেন ভাৰ্ছেচ ৱাইল্ড অনুষ্ঠানত দেখিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

মেন ভাৰ্ছেচ ৱাইল্ড অনুষ্ঠানত দেখিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 10:56 AM GMT

অতি জনপ্ৰিয় অনুষ্ঠান " মেন ভাৰ্ছেচ ৱাইল্ড" ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখিবলৈ পোৱা যাব । এই অনুষ্ঠানটোৰ বিখ্যাত পৰিবেশক বীয়াৰ গ্ৰীলছৰ সৈতে একেলগে দেখিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । ডিস্কোভাৰী চেনেলৰ ৰোমাঞ্চকৰ অনুষ্ঠান মেন ভাৰ্ছেচ ৱাইল্ডৰ বিশেষ খণ্ডত মোদীক দেখিবলৈ পোৱা যাব । ১২ আগষ্ট নিশা ৯ বজাত ডিস্কোভাৰী চেনেলৰ ৰোমাঞ্চকৰ অনুষ্ঠান মেন ভাৰ্ছেচ ৱাইল্ডত দেখা যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ডিস্কোভাৰী চেনেলত মেন ভাৰ্ছেচ ৱাইল্ড অনুষ্ঠানটোৰ পৰিবেশক বীয়াৰ গ্ৰীলছে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।সম্প্ৰচাৰ কৰিব লগীয়া অনুষ্ঠানতো উত্তৰাখণ্ডৰ বিখ্যাত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত চুটিং কৰিছিল ।

এই অনুষ্ঠানত অংশগ্ৰহন কৰিবলৈ অধিক আগ্ৰহ প্ৰকাশ কৰিছে , তেওঁৰ অনুভৱ ব্যক্তি কৰি নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে, " বহু বছৰ মই প্ৰকৃতি, পৰ্বত , অৰন্যৰ সৈতে বসবাস কৰিছিলো । এই বছৰকেইটাৰ স্থায়ী প্ৰভাৱ মোৰ জীৱনত পৰে। সেইকাৰণে , যেতিয়া ৰাজনীতিৰ পৰা আঁতৰি প্ৰকৃতিৰ সম্পৰ্কীয় অনুষ্ঠানৰ কথা ক'লে , মই আগ্ৰহী হৈ পৰিলোঁ "।

https://twitter.com/BearGrylls/status/1155714307872579585

ভাৰ্ছেচ ৱাইল্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় অভয়াৰণ্য সন্দৰ্ভৰ এটা বিশেষ শ্ব'ত ভাৰতৰ সাহসী প্ৰধানমন্ত্ৰীজনে গ্ৰীলছৰ সৈতে অৰণ্যৰ মাজত বিচৰণ কৰি পৰিবেশ সংৰক্ষণকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত আলোচনাত অংশ লব। লগতে গ্ৰীলছৰ সৈতে অংশগ্ৰহণ কৰিব এটা দু:সাহসিক অভিযানত। এই দু:সাহসিক অভিযানৰ অংশ হিচাপে ৰিভাৰ ৰাফটিং, জংঘলৰ মাজেৰে খোজ কাঢ়ি অভয়াৰণ্যখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰিব। অহা ১২ আগষ্ট, সোমবাৰে নিসা ৯ বজাত প্ৰিমিয়াৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা যাব এক বিশেষ ৰূপত।সম্প্ৰচাৰ কৰিব লগীয়া অনুষ্ঠানতো উত্তৰাখণ্ডৰ বিখ্যাত জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত চুটিং কৰিছিল ।

এই অনুষ্ঠানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে প্ৰকাশ কৰে যে "ভাৰত - যত আপোনালোকে পাব সেউজীয়া অৰণ্য, বিভিন্ন বন্যপ্ৰানী , সুন্দৰ পৰ্বত আৰু নদী । এই অনুষ্ঠান চালে ভাৰতৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিবলৈ মন যাব ।"

https://twitter.com/BearGrylls/status/1155779868086480896

গ্ৰীলছৰ সৈতে অংশগ্ৰহণ কৰিব এটা দু:সাহসিক অভিযানত। এই দু:সাহসিক অভিযানৰ অংশ হিচাপে ৰিভাৰ ৰাফটিং, জংঘলৰ মাজেৰে খোজ কাঢ়ি অভয়াৰণ্যখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ব্যতিক্ৰমী পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে অধিৰ আগ্ৰহৰে বাট চাই আছে দেশবাসীয়ে ।

অধিক খবৰৰ বাবে পঢ়ক: যুৱ প্ৰজন্মক মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Next Story
চাকৰি