Begin typing your search above and press return to search.

যুৱ প্ৰজন্মক মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

যুৱ প্ৰজন্মক মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী হবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 July 2019 6:24 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে " মান কি বাত " অনুষ্ঠানৰ যোগেদি সকলো যুৱ প্ৰজন্ম আৰু ছাত্ৰ-ছাত্ৰীক মহাকাশ বিজ্ঞান আৰু গৱেষণাৰ বিষয়ত আয়োজিত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ আহ্বান জনাইছে । ১ আগষ্টৰ পৰা mygov.in ৱেবচাইটত উপলব্ধ হব কুইজ প্ৰতিযোগিতা সবিশেষ । প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্তক চৰকাৰে শ্ৰীহৰিকোটত গৱেষণা সংস্থা ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰিব ।

মান কি বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে, চন্দ্ৰযান-২ ৰ উৎক্ষেপন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী সকলৰ এক বৃহৎ সফলতা ।

পানী সংৰক্ষণৰ ক্ষেত্ৰত মেঘালয়ক প্ৰসংশা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । স্বচ্ছ ভাৰত মিছনৰ কথা উল্লেখ কৰি, অভিযন্তা য়গিছ চাইনিৰ কথা উল্লেখ কৰে আৰু দিল্লীৰ পদপথৰ ৱালত কৰা আৰ্টৰে সুন্দৰ কৰাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰে । লগতে আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটত সন্মান বুটলিবলৈ সক্ষম হৈছে তেওঁলোকৰ কথাও উল্লেখ কৰে ।

জম্বু-কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে সমান্তৰালকৈ উন্নয়ন কৰা হৈছে । বৰ্তমান জম্বু- কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন অব্যাহত আছে।দেওবাৰে মন কী বাত’ত দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জল সংৰক্ষণলৈ দেশবাসীয়ে সঁহাৰি জনোৱাত সন্তোষ প্ৰকাশ কৰি কয় যে ‘জল সংকটৰ বিষয়ত সকলোৱে উপলব্ধি কৰিছে, মেঘালয় জল নীতি প্ৰস্তুত কৰা প্ৰথম ৰাজ্য, লগতে দেশবাসীয়ে উত্‍সৱ-পাৰ্বণৰ সমানে গুৰুত্ব দিয়ক জল সংৰক্ষণত, ‘উদযাপনৰ সময়তে জল সংৰক্ষণৰ বাৰ্তা দিয়ক।’

সেইদৰে চন্দ্ৰযান-২ মিছন ভাৰতৰ বাবে বিশেষ উল্লেখনীয় বুলি উল্লেখ কৰি মোদীয়ে কয় যে, ‘অভিলেখসংখ্যক সময়তে উত্‍‍ক্ষেপণ বিজ্ঞানীৰ। চন্দ্ৰযান-২ সম্পূৰ্ণৰূপে স্বদেশী মিছন।এই মিছনে লাভ কৰা সফলতাই যুৱকসকল নতুন কামৰ বাবে উত্‍সাহিত কৰিব’ ‘আমি আমাৰ শক্তিৰ ওপৰত বিশ্বাস ৰখা উচিত।’ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ‘কেন্সাৰ শব্দটো শুনিলেই সকলোৱে ভয় খায়, ১০টি শিশুৱে কেন্সাৰৰ দৰে ৰোগক জয় কৰিলে।কেন্সাৰক পৰাস্ত কৰি জীৱনক জয় কৰিলে শিশুৱে।’

অনুষ্ঠানত মোদীয়ে লগতে কয় যে ১৫ আগষ্ট উদযাপনৰ বাবে নতুন ৰূপত প্ৰস্তুতি চলাইছে সমগ্ৰ দেশবাসীয়ে। অমৰনাথ যাত্ৰা সফল কৰাৰ বাবে কাশ্মীৰবাসীক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে কাশ্মীৰৰ বিকাশৰ বাবে কেন্দ্ৰই সকলো পদক্ষেপ লৈছে বুলি উল্লেখ কৰি কয় যে ‘প্ৰশাসনৰ লোকসকলক ইয়াৰ দায়িত্ব দিয়া হৈছে’ বিকাশৰ ওচৰত বিভেদকামী শক্তিয়ে হাৰ মানিব’’।

অধিক খবৰৰ বাবে পঢ়ক : জনসাধাৰণৰ সমস্যাৰ সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Next Story
চাকৰি