ক’ৰ’না মহামাৰীত আক্ৰান্ত হ’ল দিল্লীত কৰ্মৰত মণিপুৰী নাৰ্ছ

ক’ৰ’না মহামাৰীত আক্ৰান্ত হ’ল দিল্লীত কৰ্মৰত মণিপুৰী নাৰ্ছ
Published on

ক’ৰ’না মহামাৰীত আক্ৰান্ত হ’ল দিল্লীত কৰ্মৰত মণিপুৰী নাৰ্ছ

দেশৰ ৰাজধানী দিল্লীৰ এখন চিকিৎসালয়ত কৰ্মৰত মণিপুৰৰ এগৰাকী নাৰ্ছ ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ২৪ বছৰীয়া নাৰ্ছগৰাকী এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত। তেওঁৰ সৈতে দিল্লীত বাস কৰা নাৰ্ছগৰাকীৰ পৰিয়ালৰ নজন সদস্যক ইতিমধ্যে আছুতীয়াকৰণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে মণিপুৰতো এগৰাকী যুৱতীসহ দুজন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে। অৱশ্যে ইয়াৰে যুৱতীগৰাকী সুস্থ হৈ উঠিছে। আনজনৰ সৈতে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত যোৱা মাহত অনুষ্ঠিত জামাতৰ সম্পৰ্ক আছে। ইপিনে, প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশজোৰা তলাবন্ধৰ আজি সংশোধিত নীতি-নিয়মাৱলী জাৰি কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ১,১৭৩ জন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয় ৷ ইয়ে হৈছে ২৪ ঘন্টীয়া এক সময়সীমাত আক্ৰান্ত হোৱা সৰ্বাধিক সংখ্যক লোক ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । দেশত বৰ্তমানলৈ ১১,৪৩৯ জন‌ লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে। ইয়াৰে ৩৭৭ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। ১,৩০৬ জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে । অসমতো আক্ৰান্তৰ সংখ্যা ৩২ জন হৈছে। তদুপৰি এজন লোকৰ এই মহামাৰীত মৃত্যু হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com