দিল্লীত জাৰি কৰা হ'ল অড ইবন নিয়ম: মানি নচলিলে ভৰিব লাগিব জৰিমনা

দিল্লীত জাৰি কৰা হ'ল  অড ইবন নিয়ম: মানি নচলিলে ভৰিব লাগিব জৰিমনা

দিল্লীত জাৰি কৰা হ'ল অড ইবন নিয়ম , মানি নচলিলে ভৰিব লাগিব জৰিমনা।‌ দিল্লী মহানগৰী ভয়াৱহ ৰূপে প্ৰদূষণৰ কবলত পৰিছে । ইয়াৰ পৰা হাত সাৰিবলৈ আকৌ এবাৰ দিল্লী চৰকাৰে অড ইবন নিয়মৰ জাৰি কৰিছে । এই অড ইবন নিয়মৰ দিন ৪ ৰ পৰা ১৫ নৱেম্বৰলৈ ধাৰ্য্য কৰা হৈছে । অড ইবন সুকলমে পৰিচালনা কৰিবলৈ পুৱাৰে পৰা দিল্লী ট্ৰেফিক পুলিচে পহৰা দিয়ে ।

তাৰোপৰি কোনোবাই যদি এই আইন খন মানি নচলে তেন্তে লোক জনে ৪০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ।ইফালে অড ইবন দিল্লীত আজিৰে পৰা অৰ্থাৎ ৪ নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছে । এই নিয়মৰ অধীনত দিল্লীৰ ৰাজপথত কেৱল ২,৪,৬,৮,০ গাড়ীহে চলাব পাৰিব ।

নতুন যান‌ বাহন আইনৰ অধীনত অড ইবন নিয়ম উলংঘন কৰাৰ ক্ষেত্ৰত ৪০০০ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে । তাৰোপৰি কোনো লোকে জৰিমনা ভৰাৰ পিছতো আইন উলংঘন কৰে তেন্তে তেওঁ আকৌ জৰিমনা ভৰিব লাগিব । অৱশ্যে জৰিমনা লোৱাৰ পাছত লোকজনক বাহন খন ওভতাই দিয়া হ'ব ।

অৱশ্যে জৰুৰীকালীন বাহনবোৰে এই নিয়ম মানি চলাৰ পৰা ৰেহাই পাব । তাৰোপৰি দিল্লী আৰক্ষীৰ বাহন বোৰো এই আইনৰ বাহিৰত আছে । লগতে স্কুলৰ বাহন অথবা যদি কোনো বাহনত স্কুলৰ পোচাক পিন্ধা ছাত্ৰ ছাত্ৰী দেখা যায় তেন্তে সেই পুৰুষ অথবা মহিলা গৰাকীকো এই নিয়মৰ পৰা ৰেহাই দিয়া হব । দিল্লীৰ পৰিবহন মন্ত্ৰী কৈলাশ গহলোতে বিদ্যালয়ৰ সময় পুৱা ৭ বজাৰ পৰা ৭.৩০ বজালৈ ধাৰ্য কৰিছে ।

লগতে বিদ্যালয়লৈ যোৱা বাহন সমূহ ৮ বজাৰ ভিতৰত উভতি আহিবলৈ নিৰ্দেশ জাৰি কৰিছে । কিয়নো এই নিয়ম ৮ বজাৰ পৰা প্ৰযোজ্য হয় ।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে অন্য ৰাজ্যৰ পৰা দিল্লীলৈ অহা বাহন সমূহতো এই আইন ধাৰ্য কৰা হ'ব । এই নিয়মৰ ক্ষেত্ৰত সকলোকে সতৰ্ক কৰিবলৈ চৰকাৰে বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Martial Arts shines at World Martial Arts Games 2019 in London

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com