Begin typing your search above and press return to search.

শোণিতপুৰত নতুন জিলা উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ

শোণিতপুৰত নতুন জিলা উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2019 11:35 AM GMT

শোণিতপুৰত নতুন জিলা উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ । মঙ্গলবাৰে শোণিতপুৰ জিলাত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আনুষ্ঠানিক ভাৱে শোণিতপুৰ জিলাত জিলা উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ কৰে । শোনিতপুৰ জিলাত কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে মানৱেন্দ্ৰ প্ৰতাপ সিঙে ধেমাজি জিলাত জিলা উপায়ুক্ত হিচাপে সেৱা আগবঢ়াইছিল ।ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিঙে তেওঁৰ শোনিতপুৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যভাৰ পূৰ্বৰ প্ৰশাসনিক সেৱাৰ বিষয়া নাৰ্ছিং পাৱাৰৰ পৰা গ্ৰহণ কৰে ।

নাৰ্ছিং পাৱাৰ ধেমাজি জিলাৰ জিলা উপায়ুক্ত হিচাপে বদলি হয়। পূৰ্বে নাৰ্ছিং পাৱাৰে ২০১৯ চনৰ ২১ জানুৱাৰী তাৰিখে শোনিতপুৰ জিলাত জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ গ্ৰহণ কৰিছিল । সোমবাৰে পুৱা জিলা উপায়ুক্ত কাৰ্যালয়ৰ ষ্টাফ আৰু কৰ্মকৰ্তা সকলে আনুষ্ঠানিক ভাৱে শোণিতপুৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত নাৰ্ছিং পাৱাৰক বিদায় সম্ভাষন জনায় । এই বিদায় সম্ভাষন কাৰ্যসূচীত উপস্থিত থাকে জিলা প্ৰশাসনৰ বিভিন্ন বিষয় ববীয়াৰ লগতে বিভিন্ন বিভাগৰ কাৰ্যকৰ্তা সকল ।

তদুপৰি শোণিতপুৰ জিলাৰ নতুন জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙক জিলা উপায়ুক্তক ৰূপত উষ্ম আদৰনি জনায় । শোনিতপুৰ জিলাৰ নতুন উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জিলা খনৰ উন্নয়নৰ হকে আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰে।

অন্য খবৰৰ বাবে পঢ়ক:কলাইগাঁও বাসীৰ সপোন বাস্তৱায়িত, জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandrayan-II based theme at Guwahati’s Noonmati Sector 2

Next Story
চাকৰি