Begin typing your search above and press return to search.

মহানগৰীত বিভিন্ন মহাবিদ্যালয়ত আৱশ্যক সহকাৰী অধ্যাপকৰ

মহানগৰীত বিভিন্ন মহাবিদ্যালয়ত আৱশ্যক সহকাৰী অধ্যাপকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 10:41 AM GMT

মহানগৰীত সম্প্ৰতি বিভিন্ন মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী হৈ আছে ৷ সেয়েহে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিভাগে মহাবিদ্যালয়ৰ অধ্যাপকৰ কাৰণে ৪৯ টা পদত নিযুক্তি দিবৰ কাৰণে প্ৰশাসনিক স্বীকৃতি প্ৰদান কৰিছে ৷ চলিত বৰ্ষৰ ৬ জুলাইত অসম চৰকাৰে অসমৰ ১৪ খন মহাবিদ্যালয়ৰৰ খালী হৈ থকা পদসমূহ পূৰণ কৰিবৰ কাৰণে আদেশ দিয়ে ৷

এক বিশেষ তথ্য অনুসৰি কে আৰ বি মহাবিদ্যালয়ত ১ টা পদ খালী হৈ আছে ,বি বৰুৱা মহাবিদ্যালয়ত ৪ টা পদ,গুৱাহাটী মহাবিদ্যালয়ত ১ টা পদ,সোনাপুৰ মহাবিদ্যালয়ত ১ টা পদ,প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত ১০ টা পদ,বি পি চলিহা মহাবিদ্যালয়ত ৩ টা পদ, সন্দিকৈ গাৰ্লছ মহাবিদ্যালয়ত ১২ টা পদ খালী হৈ আছে ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ ভিতৰত কৰিমগঞ্জ মহাবিদ্যালয়ত ১ টা পদ,কাছাৰৰ এচ ৰয় মহাবিদ্যালয়ত ১ টা পদ,কাছাৰৰ ৰাধামাধৱ মহাবিদ্যালয়ত ৫ টা পদ,কৰিমগঞ্জৰ এন চি মহাবিদ্যালয়ত ২ টা পদ,কাছাৰৰ নেহেৰু কলেজত ২ টা পদ খালী হৈ আছে ৷ ইফালে, উচ্চ শিক্ষা নিৰ্দেশক গীতিমণি ফুকনে খালী হৈ থকা পদসমূহক লৈ অনতি পলমে বিজ্ঞাপন দিবলৈ আহ্বান কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ ১৮ এপ্ৰিলত শিক্ষা বিভাগে অসমৰ ৬৩ মহাবিদ্যালয়ত সহকাৰী শিক্ষকৰ ৩৪৪ পদত নিযুক্তিৰ কাৰণে প্ৰশাসনিক স্বীকৃতি প্ৰদান কৰিছিল ৷ইয়াৰ বিপৰীতে ৯ মে’ত শিক্ষা বিভাগে ৩৯ টা পদ পূৰণ কৰিবৰ কাৰণে প্ৰশাসনিক স্বীকৃতি দিছিল ৷ উল্লেখ্য যে চলিত বৰ্ষত শিক্ষা বিভাগে অসমৰ ১৮ খন মহাবিদ্যালয়ত ১১০ টা পদত নিযুক্তিৰ কাৰণে স্বীকৃতি প্ৰদান কৰে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যৰ কোনো মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণীঃশিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

Next Story
চাকৰি