Begin typing your search above and press return to search.

ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত সম্পন্ন অসমৰ বীৰ জোৱান সুনীল কলিতাৰ

ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত সম্পন্ন অসমৰ বীৰ জোৱান সুনীল কলিতাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jun 2019 10:58 AM GMT

ৰঙিয়াৰ ডিমুত এতিয়া শোকাকুল পৰিবেশ।বিবাহ অভ্যৰ্থনা আয়োজনৰ বাবে আহিবলগীয়া সুনীল এতিয়া ঘৰলৈ উভতিছে কফিনত। নাৰায়ানা হাস্পতালৰ পৰা লৈ যোৱা হৈছিল নিজৰ বাসগৃহলৈ বীৰ জোৱান সুনীল কলিতাৰ নশ্বৰ দেহ। ৰঙিয়াৰ ডিমুত কান্দোনৰ ৰোল। ৰাজ্যিক মৰ্য্যদাৰে শেষকৃত সম্পন্ন কৰা হয় বীৰ জোৱান জনক ।

২৮ মে’ত ঝাৰখণ্ডত মাওবাদীৰে হোৱা সংঘৰ্ষত আহত হৈ দিল্লীৰ AIIMS ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল অসমৰ বীৰ জোৱান জনে।

CRPF ২০৯ নং বেটেলিয়ানৰ সদস্য আছিল বীৰ জোৱান জন সুনীল কলিতা । ১০ এপ্ৰিলত নিজৰ বিবাহ সম্পন্ন হোৱাৰ পিছত কৰ্মক্ষেত্ৰলৈ উভতি গৈছিল ।

১ জুন তাৰিখে নিজ ঘৰলৈ উভতি আহি বিবাহ অভ্যৰ্থনা আয়েজন কৰাৰ কথা আছিল সুনীল কলিতাৰ। কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন সুনীলৰ এই আশা পূৰ্ণ কৰিবলৈ কোনো সুযোগেই নিদিলে। মাওবাদীৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হোৱা সুনীল কলিতাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে।ঝাৰখণ্ডৰ চৰাইকিলা জিলাত সংঘটিত হোৱা এই আক্ৰমণত আহত হৈছিল দেশৰ ১৫জন CRPF জোৱান। আক্ৰমণত অসমৰ সুনীল কলিতাৰ লগতে আহত হৈছিল বকোৰ মিজানুৰ ৰহমান আৰু হোজাইৰ শম্ভূ মালা।

শুকুৰবাৰে সন্ধিয়া সুনীল কলিতাৰ মৃতদেহ অহাৰ পাছত অসম চৰকাৰৰ লগতে আৰক্ষী আৰু চি আৰ পি এফে শ্ৰদ্ধাঞ্জলি জনাই। বৰঝাৰৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বীৰ জোৱান জনক।

শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সুনীল কলিতাৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে কয় যে সুনীল কলিতাৰ ত্যাগত দেশবাসী গৌৰাম্বিত আৰু তুলনা কৰিব নোৱাৰি ।

বুধবাৰে অনান্তনাগ জিলাত হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল চি আৰ পি এফৰ জোৱান নিৰোদ শৰ্মা । সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণত দুজন বিষয়া সহ ৫ জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল এই আক্ৰমণত । শ্বহীদ হোৱা জোৱান সকলক ইতিমধ্যে চিনাক্ত কৰা হৈছে । নিৰোদ শৰ্মা আৰু ৰমেশ কুমাৰ আৰু কনচটেবল সতেন্দ্ৰ কুমাৰ, মহেশ কুশ্বৱাহা আৰু সঞ্জীৱ য়াদব শ্বহীদ আছিল ।উল্লেখযোগ্য যে, পুলোৱামাত ১৪ ফেব্ৰুৱাৰীত চি আৰ পি এফৰ গাড়ীত সন্ত্ৰাসবাদীয়ে আক্ৰমণত সংঘটিত কৰিছিল । যত শ্বহীদ হৈছিল ৪০ জনকৈ জোৱান ।এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে । ইয়াৰ পাছতে ভাৰত আৰু পাকিস্তান মাজত সম্পৰ্ক অধিক অবনতি ঘটে ।

অন্য খবৰৰ বাবে পঢ়ক :দেশৰ বাবে শ্বহীদ হ’ল আন এজন বীৰ জোৱান: ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ

Next Story
চাকৰি