কা- বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ সংকল্প লয় চাবুৱা বাসীয়ে

কা- বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ সংকল্প লয় চাবুৱা বাসীয়ে

কা- বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ সংকল্প লয় চাবুৱা বাসীয়ে । ৰাজ্যত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বক ভাৱে জাপি দিয়াৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ।‌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা চাবুৱাতো অব্যাহত আছে প্ৰতিবাদ। বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ সহযোগত চাবুৱাৰ য়ং ব্লু ক্লাবৰ খেলপথাৰত অনুষ্ঠিত হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছুৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কালছোৱাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক বুজাবৰ চেষ্টা কৰিছিল যে কেৱল মাত্ৰ অসম চুক্তিৰ ৰূপায়নৰ ফলতহে বিদেশীৰ সমস্যা সমাধান সম্ভৱ। কিন্তু মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ কেন্দ্ৰ চৰকাৰৰ ভূমিকা পালন কৰি আছে। এতিয়া তেওঁ অসমৰ মানুহৰ আৱেগক উপেক্ষা কৰিছে ।

লগতে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে আহিবলগীয়া দিনত ৰাজনৈতিক ভাৱে ইয়াৰ উত্তৰ দিব জনতাই ।‌ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সকলো ওলাই আহিছে কিয়নো এই আইন খন অসংবিধানিক হোৱাৰ লগতে খিলঞ্জীয়া লোকৰ বিৰোধী হয় ।‌

আছুৰ সাধৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰি অসমীয়া ভাষা, সংস্কৃতি, অস্তিত্ব ৰক্ষাৰ বাবে দাবী জনায় । লগতে তেওঁ কয় যে যদিহে আইন খন বাতিল নহয় তেতিয়া সকলো ক্ষেত্ৰৰ জনসাধাৰণে মিলি কেন্দ্ৰ চৰকাৰৰ দ্বাৰা ৰচিত ষড়যন্ত্ৰ বিফল কৰি দিব । এই প্ৰতিবাদী কাৰ্যসূচীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত এই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই ।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে বিজেপি চৰকাৰক তীব্ৰ ভাৱে সমালোচনা কৰে । চাবুৱাৰ জনসাধাৰণে সংকল্প গ্ৰহন কৰে যে যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল নহয় তেতিয়ালৈকে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com