Begin typing your search above and press return to search.

লক্ষীমপুৰত গৰাখহনীয়াৰ সমস্যাই চিন্তিত কৰিছে জনসাধাৰণক

লক্ষীমপুৰত গৰাখহনীয়াৰ সমস্যাই চিন্তিত কৰিছে জনসাধাৰণক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2019 10:30 AM GMT

লক্ষীমপুৰত গৰাখহনীয়াৰ সমস্যাই চিন্তিত কৰিছে জনসাধাৰণক ৷ লক্ষীমপুৰ জিলাৰ কাৰণে গৰাখহনীয়া এক ব্যাপক সমস্যা ৰূপে পৰিগণিত হৈছে ৷ সম্প্ৰতি লক্ষীমপুৰবাসীৰ কাৰণে জলন্ত সমস্যা ৰূপে পৰিগণিত হৈছে গৰাখহনীয়া ৷অৱশ্যে জল সম্পদ বিভাগে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে খহনীয়া প্ৰতিৰোধৰ কাৰণে বহু আঁচনি হাতত লৈছে যদিও সম্প্ৰতি এই আঁচনিসমূহ এনেধৰণৰ সমস্যাক নিয়ন্ত্ৰিত কৰাৰ কাৰণে পৰ্যাপ্ত নহয়। এই বিভাগৰ উপৰিও জিলাৰ খণ্ড উন্নয়ন বিভাগে এনেধৰণৰ আঁচনি তৈয়াৰ কৰিছে যদিও অধিকাংশ আঁচনি সফল ভাৱে ৰূপায়ন হোৱা নাই।

বগীনদীৰ কিছুসংখ্যক স্থানৰ গৰাখহনীয়া সমস্যা দেখা গৈছে ৷স্থানীয় লোকৰ পৰা পোৱা তথ্য অনুসৰি উত্তৰ লক্ষীমপুৰ জিলাত প্ৰায় ১৬ কিলোমিটাৰ দূৰত আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ১৫ কিলোমিটাৰ বাৰিষাৰ বা অন্যান্য সময়ত সুন্দৰ দৃশ্যৰে আবৃত হৈ থাকে ৷এই ঠাই খন বিভিন্ন সেউজীয়া পৰিবেশৰে জনসাধাৰণক আকৃষ্ট কৰিবৰ কাৰণে উৎকৃষ্ট ৷ কাৰণ সুপৰিকল্পিত ভাৱে ৰোৱা বিভিন্ন গছ গছনিৰে আবৃত্ত এই ঠাইখনত মনোৰঞ্জনৰ কাৰণে উৎকৃষ্ট ঠাই ৰূপে পৰিণত হৈছে ৷

সম্প্ৰতি সকলোকে আকৃষ্ট কৰা প্ৰাকৃতিক দৃশ্যৰে ভৰপুৰ নদীখনৰ কিছু সংখ্যক স্থানত গৰাখহনীয়াৰ ব্যাপক ৰূপ ধাৰণ কৰিছে। মন কৰিব লগীয়া কথা এয়ে যে নদীৰ এই গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে লক্ষীমপুৰ ভূমি সংৰক্ষণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷লগতে এনে ধৰণৰ সাৰ্বজনিক সম্পত্তিক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে জল সম্পদ বিভাগেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷স্থানীয় লোকৰ অভিযোগ অনুসৰি এই পৰিস্থিতিত কিছুমান আঁচনিয়ে কেৱল অভিযন্তা,অন্য বিষয়াকহে লাভাম্বিত কৰিছে।

বৰ্তমান লালপানী প্ৰগতি সংঘই এই সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ চোৱা চিতা কৰিছে। স্থানীয় লোক আৰু স্থানীয় বিভিন্ন সংগঠনে একেৰাহে স্মাৰক পত্ৰ জ্ঞাপন কৰিছে ৷ইফালে এই সন্দৰ্ভত স্থানীয় লোকসকলে অনতি পলমে সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ অস্তিত্বক ৰক্ষা কৰিবৰ কাৰণে জিলা প্ৰশাসন আৰু মন্ত্ৰীৰ ওচৰত যাৱতীয় ব্যৱস্থা হাতত ল’বলৈ আহ্বান কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক: লক্ষীমপুৰত বান পৰিস্থিতি:৮৬ খন গাঁৱৰ ৪৬,৭৬৭ জনলোক প্ৰভাৱিত বানত

ভিডিঅ প্ৰতক্ষ্য কৰক:AJYCP and Gorkha Students’ Union staged protest in Tinsukia

Next Story
চাকৰি