উত্তৰ পূব সীমান্ত ৰেলৱেৰ ( NRF )কৰ্মচাৰী সকলৰ শ্ৰমদান কাৰ্যসূচী

উত্তৰ পূব সীমান্ত ৰেলৱেৰ ( NRF )কৰ্মচাৰী সকলৰ শ্ৰমদান কাৰ্যসূচী
Published on

উত্তৰ পূব সীমান্ত ৰেলৱে ( NRF, north east forntier railway ) , কৰ্মচাৰী সকলৰ শ্ৰমদান কাৰ্যসূচী । উত্তৰ পূব সীমান্ত ৰেলৱে ( NFR ) ৰ ৰ কৰ্মচাৰী সকলে মঙ্গলবাৰে স্বচ্ছ পাখৱাৰা ( swacha pakhwara ) অভিযানৰ অংশ হিচাপে এক বিশাল শ্ৰম দান কাৰ্যসূচী পালন কৰে। এই শ্ৰমদান কাৰ্যসূচী স্বত স্ফুৰ্ত ভাৱে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৫ টা বিভাগৰ পৰা মালিগাঁৱৰ মুখ্য কাৰ্যালয় লৈ গঢ়ি তোলে। বিভাগৰ ৰেলৱে মেনেজাৰ এই শ্ৰমদান কাৰ্যসূচী প্ৰতিনিধিত্ব কৰে।

মালিগাঁৱ অঞ্চলৰ মুখ্য প্ৰবন্ধক ( general manager ) সঞ্জীৱ ৰয়ে নিজেই উচ্চ বিষয়া আৰু কৰ্মচাৰী সকলৰ লগত এই শ্ৰমদান কাৰ্যসূচী গঢ়ি তোলে। প্ৰবন্ধক গৰাকীয়ে বহুতো কোৱাৰ্টাৰ পৰিদৰ্শন কৰে আৰু আৱাসী সকলৰ লগত মত বিনিময় কৰে লগতে ৰেলৱেৰ ঘৰ সমূহত প্লাষ্টিক ব্যৱহাৰ ৰোধৰ বিষয়ে আলোচনা কৰে।

তাৰোপৰি প্ৰবন্ধক গৰাকীয়ে সকলো জনসাধাৰণকে উপদেশ দিয়ে যে কেৱল সেই সমূহ প্লাষ্টিক হে ব্যৱহাৰ কৰিব পাৰি যিবোৰ পুনৰ ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰি । তেতিয়াহে প্ৰদূষণ নিয়ন্ত্ৰণ হ'ব । তাৰোপৰি কোপোৰেৰে তৈয়াৰ কৰা মোনা ব্যৱহাৰ কৰাৰ লগতে প্লাষ্টিকৰ মোনা বৰ্জন কৰিব কয় । তাৰোপৰি সাধৰন প্ৰবন্ধক সঞ্জীৱ ৰয়ে নেতৃত্ব প্ৰদান কৰাৰ লগতে অংশ লয় ৰেলৱে কলনি , ৰেল পথ আৰু ৰেল লাইন ত থকা পেলনীয়া প্লাষ্টিক সমূহ সংগ্ৰহ কৰাত ।

" স্বচ্ছতাই হৈছে দেৱভক্তি " ( cleanliness is godliness )এই মন্ত্ৰটো অনুসৰন কৰি ইণ্ডিয়ান ৰেলৱে আন এক কাৰ্যসূচী গঢ়ি তোলে । ৰেলৱে অধিকাৰ ক্ষেত্ৰৰ তত্বাৱধানত হোৱা এই কাৰ্যসূচীৰ মূল লক্ষ্য আছিল ৰেলৱেৰ আশ পাশ , বা ৰেলৱেৰ আৱাস গৃহ সমূহৰ পৰা পেলনীয়া প্লাষ্টিক সমূহ সংগ্ৰহ কৰা লগতে ঠাই সমূহ পৰিষ্কাৰ কৰা ।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ প্ৰতিষ্ঠান সমূহে আন এক কাৰ্যসূচী গঢ়ি তোলে। এই গন কাৰ্যসূচী নামবাৰী অফিচাৰ কলনি ( Nambari officer colony ) ৰ পৰা কামাখ্যা ষ্টেচন ( kamakhya station ) আৰু তাৰ পাছত কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা অফিচাৰ ৰেষ্ট হাউচ ( kamakhya officer rest house ) অৰ্থাৎ কামাখ্যা ক্ৰচিঙ লৈ "স্বচ্ছতা হি সেৱা " ( Sachwata he sewa ) নামৰ এটা অনুষ্ঠান আয়োজন কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP State President Ranjeet Dass celebrates PM Modi's birthday

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com