তিনিচুকীয়াত মুখ্যমন্ত্ৰী সোনোৱালৰ উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন

তিনিচুকীয়াত মুখ্যমন্ত্ৰী সোনোৱালৰ উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মংগলবাৰে তিনিচুকিয়াত ৰেল লাইনৰ ওপৰেৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী উৰণীয়া সেতুঁৰ ৬০.২১ কোটি টকাৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত ৰাজ্যৰ জেষ্ঠ্য নেতাসকলৰ উপৰিও গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল। ইফালে এই উৰণীয়া সেতুঁখনৰ নিৰ্মাণত ৰেল মন্ত্ৰ্যালয়েও আধা ব্যয় বহন কৰিব।

চিটী ইনফ্ৰা ডেভেলপমেন্ট ফাউণ্ড অফ আসাম(City Infra Development of Assam) ৰ এই আঁচনিত ৫০ শতাংশ ব্যয় কৰিব। জিলাখনৰ গোলাপ চন্দ্ৰ ৰবি চন্দ্ৰ নাট্য মন্দিৰত এখন সভাত সংবাদ মাধ্যমক সম্বোধিত কৰি গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জুনত তেওঁ এই চহৰখনলৈ আহিছিল ৷ ইয়াৰ পিছত চহৰখনৰ পথ সমূহলৈ কিছু বিকাশ আহিছে । কিন্তু চহৰখনত আৰু অধিক বিকাশ লাগে। লগতে নবেম্বৰত আকৌ চহৰখন কিমান বিকাশ হৈছে তাক চাবলৈ আকৌ আহিম বুলিও ক’লে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে ২৬ টা ৰেল ক্ৰচিঙক ১৩ টা আৰু উৰণীয়া সেতু নিৰ্মাণ হ’ব বুলিও কয় মন্ত্ৰী ড° শৰ্মাই। আৰু তিনিচুকিয়াত গড়কাপ্তানি বিভাগৰ কাৰ্যকৰী অভিযন্ত্ৰাৰ কাৰ্যালয় স্থাপন কৰাৰ কথাও ঘোষণা কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে নৰেন্দ্ৰ মোডীৰ ওপজা দিনটোত আমি উৎসৱৰ দৰে পালন কৰিব নালাগে ৷কিন্তু মোডীৰ দৰে লোকৰ মানবতাবাদী সেৱাৰ উৎসৱ পালন কৰিব লাগে ।ব্ৰিট্টিছৰ দিনৰ পৰা তিনিচুকিয়া এক ব্যৱসায়িক কেন্দ্ৰ ৰূপে গঢ় লৈ উঠিছে। গতিকে ইয়াৰ যোগদান দেশৰ আৰ্থিক অৱস্থাত বহু পৰিমাণে আছে।

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে , ইতিমধ্যে তিনিচুকীয়া জিলাত মেডিকেল কলেজৰ কাম , পানী যোগান আচনিকে ধৰি বিভিন্ন কোটি টকীয়া আচনি ৰূপায়ন হৈছে । আগন্তুক দিন বোৰত ৰাইজৰ সহায় সহযোগিতা আশা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , ৰেল ক্ৰিছিঙৰ ফলত জনসাধাৰণৰ বিভিন্ন সমস্যাৰ সম্মুখীন হয় আৰু ৰেল অহা ফলত যাতায়ত স্তব্ধ হয় । সংবাদ মাধ্যমে তিনিচুকীয়া জিলাত স্হাপন হ'ব লগীয়া মেডিকেল কলেজ খনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাত নিৰ্ধাৰিত সময়ৰ ভিতৰতে মেডিকেল কলেজ নিৰ্মাণ হ'ব বুলি কয় মন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com