Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুকলি কৰিলে গুৱাহাটী ঢাকা বিমান সেৱা

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুকলি কৰিলে গুৱাহাটী ঢাকা বিমান সেৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2019 6:40 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰত গুৱাহাটী আৰু ঢাকৰ মাজত স্পাইচ জেটৰ পোনপটীয়া বিমানসেৱাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিছাপে ভাগ লয় ৷ আইএচিএচৰ অন্তৰ্গত এই বিমান সেৱাই প্ৰতিদিনে চলিব ৷এই অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটীক আমি দক্ষিণ পূব এছিয়া আৰু আছিয়ান দেশসমূহৰে প্ৰধান কেন্দ্ৰ হিছাপি গঢ়ি তুলিব লাগিব ।

পূৰ্বতে এই অঞ্চলটো যাতায়ত,যোগাযোগ, উন্নয়নকে ধৰি সকলো ক্ষেত্ৰত পিছপৰি আছিল ৷কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শাসনলৈ আহি উত্তৰ পূবৰ সৰ্বাঙ্গীন বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাই নহয়,বিগত সময়ছোৱাত নিজে ২৭ বাৰ উত্তৰ পূব ভ্ৰমণ কৰাৰ লগতে প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীক তিনিমাহত কমেও এবাৰ হলেও উত্তৰ পূৱ ভ্ৰমণ কৰি, উন্নয়নৰ বুজ ল’বলৈ নিৰ্দেশ জাৰি কৰে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে যে উত্তৰ পূবৰ বিকাশ হলেহে দেশৰ বিকাশ হ’ব ৷ যাৰ কাৰণে অসমৰ সৰ্বাঙ্গীন উন্নতিৰ ক্ষেত্ৰত সহায়ক হ’ব ৷

ইফালে মুখ্যমন্ত্ৰী সোনোৱালে কেন্দ্ৰীয় চৰকাৰক গুৱাহাটী আৰু আছিয়ান তথা বি বি এন দেশসমূহৰ ৰাজধানীৰ সৈতে উড়ানৰ দৰে আঁচনিৰ জৰিয়তে বিমান সেৱাৰ কাৰণে আহ্বান জনাইছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজনীয় ভাইয়েবিলিটী গেপ ফাণ্ডিঙৰ বাবে অসম চৰকাৰে তিনি বছৰৰ বাবে ১০০ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ আগন্তুক কিছুমাহৰ ভিতৰত গুৱাহাটী আৰু বেংককৰ মাজত আন এখন বিমান সেৱা আৰম্ভ হোৱাৰ উপৰি কাঠমাণ্ডু,য়াংগুন,হানই আৰু কুৱালালামপুৰৰ মাজতো প্ৰত্যক্ষ বিমানসেৱা আৰম্ভ হ’ব ৷

অন্যহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে উত্তৰ পূবক অষ্ট লক্ষ্মীৰ তুলনা কৰি এক নতুন কাহিনী তৈয়াৰ কৰিছে আৰু এ ফৰ আসাম শীৰ্ষক এটি শ্ল’গান আৰম্ভ কৰিছে ৷ লগতে এক্ট ইষ্ট প’লিছীৰ মাধ্যমেৰে দক্ষিণ পূৱ এছিয়াৰ সৈতে সন্নিবিষ্ট হ’বৰ কাৰণে নতুন পথ মুকলি কৰিছে ৷ সোনোৱালে কয় যে অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী সম্প্ৰতি বৰঝাৰৰ পৰা আৰবকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হৈছে ৷

গুৱাহাটীক কেৱল দেশৰ নহয় বিশ্বৰ বুকুত এখন শক্তিশালী মহানগৰ হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ তৎপৰ হৈ উঠিছে ৷ অনুষ্ঠানত সন্মানীয় অতিথি হিছাপে ভাগ লৈ বাংলাদেশৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ সহকাৰী উচ্চয়ুক্ত ড° শ্বাহ মহম্মদ তনবীৰ হাছানে কয় যে গুৱাহাটী আৰু ঢাকাৰ মাজত পোনপটীয়া বিমান চলাচলৰ ফলত দুয়োখন দেশৰে পৰ্যটক লাভৱান হোৱাৰ লগতে গুৱাহাটীলৈ চিকিৎসাৰ বাবে বাংলাদেশৰ বহু লোক আহিব পাৰিব বুলি ব্যক্ত কৰে।

অধিক খবৰৰ বাবে পঢ়ক : প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

Next Story
চাকৰি