মেঘালয়ত দুমাহৰ বাবে স্থগিত চৰকাৰী কৰ্মচাৰীৰ দৰমহাঃ আৰক্ষীক ৰেহাই দিবলৈ অনুৰোধ ডি জি পিৰ

মেঘালয়ত দুমাহৰ বাবে স্থগিত চৰকাৰী কৰ্মচাৰীৰ দৰমহাঃ আৰক্ষীক ৰেহাই দিবলৈ অনুৰোধ ডি জি পিৰ

মেঘালয়ত দুমাহৰ বাবে স্থগিত চৰকাৰী কৰ্মচাৰীৰ দৰমহাঃ আৰক্ষীক ৰেহাই দিবলৈ অনুৰোধ ডি জি পিৰ

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশব্যাপি আৰোপ কৰা তলাবন্ধ বা লক-ডাউনে বহু ৰাজ্যক জটিল সংকটৰ দিশে থেলি দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন ৰাজ্যই চৰকাৰী ব্যয় সংকোচনৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনুৰূপ পথ অৱলম্বন কৰিছে মেঘালয় চৰকাৰেও। পাহাৰীয়া ৰাজ্যখনৰ চৰকাৰে কৰ্মচাৰীৰ দৰমহা দুমাহৰ বাবে স্থগিত ৰখাৰ লেখীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে। সম্প্ৰতি ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান(ডি জি পি)আৰ চন্দ্ৰনাথনে বেতন স্থগিতকৰণৰ পৰা আৰক্ষীৰ সকলো স্তৰৰ বিষয়া-কৰ্মচাৰীক ৰেহাই দিবলৈ অনুৰোধ জনাইছে। এই অনুৰোধ জনাই আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে মেঘালয়ৰ বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰ চুচিয়াঙলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত ডি জি পি চন্দ্ৰনাথনে উল্লেখ কৰিছে যে এই জটিল সময়ত আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলে সাধাৰণ জনতাক পাৰ্যমানে সহায় কৰিছে। যদিহে দৰমহা স্তগিত ৰখা হয়, তেন্তে আৰক্ষী বিষয়া-কৰ্মচাৰীৰ কৰ্মস্পৃহা হ্ৰাস পোৱাৰ আশংকা আছে বুলি পত্ৰখনত ডি জি পিগৰাকীয়ে উল্লেখ কৰিছে। গতিকে আৰক্ষী বিষয়া-কৰ্মচাৰীৰ দৰমহা স্থগিত নকৰিবলৈ অনুৰোধ জনাই তেওঁ কয়,“ সকলো স্তৰৰ লোকে লক-ডাউনৰ এই সময়ছোৱাত আৰক্ষীয়ে আগবঢ়োৱা সেৱাক ভূয়সী প্ৰশংসা কৰিছে।

জনতাৰ এই প্ৰশংসা আৰক্ষী বাহিনীক সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিছে। কিন্তু এনে সময়তে লকডাউনৰ বাবে দুমাহৰ দৰমহা স্থগিতকৰণৰ সিদ্ধান্ত চৰকাৰে লৈছে। ইয়াৰ পৰা আৰক্ষী বাহিনীক বাহিৰত ৰাখিবলৈ অনুৰোধ জনাইছো। কাৰণ এই সিদ্ধান্তই আৰক্ষীৰ মনোবল ভাঙি পেলোৱাৰ আশংকা আছে”। আনহাতে, অসম চৰকাৰেও চৰকাৰী ব্যয় সংকোচনৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই কথা সদৰী কৰি অলপতে এখন সংবাদমেলত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তলাবন্ধ (ল’ক-ডাউন)ঘোষণা কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অসমত এইবাৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)সংগ্ৰহ উদ্বেগজনক হাৰত হ্ৰাস পালে ৷ আনকি যোৱা বছৰৰ এই সময়ছোৱাৰ তুলনাত এইবাৰ জি এছ টি সংগ্ৰহ ৮০শতাংশ পৰ্যন্ত হ্ৰাস পাইছে ৷ বুধবাৰে এখন সংবাদমেলত এই উদ্বেগজনক তথ্য সদৰী কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে ২০১৯ৰ এপ্ৰিলত ৰাজ্যত ৯৩২কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছিল ৷ কিন্তু এইবছৰৰ এপ্ৰিলত ইয়াৰ পৰিমাণ ১৯২কোটি টকালৈ হ্ৰাস পায় ৷ তৎসত্বেও চৰকাৰী চাকৰিয়ালে অহা মে’ৰ দৰমহা লাভ কৰিব বুলি তেওঁ ঘোষণা কৰে ৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা আছে ৷ কিন্তু জি এছ টি সংগ্ৰহৰ পৰিমাণে হ্ৰাসে উন্নয়নমূলক কাম-কাজ বাধাগ্ৰস্ত কৰাৰ আশংকা আছে৷ সংবাদমেলত মন্ত্ৰীজনে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলৈ লোৱা ব্যয় সংকোচন নীতিৰ আভাস দাঙি ধৰে। তেওঁ কয় যে বিদেশী সংস্থা আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতাপ্ৰাপ্ত আঁচনিৰ বাদে বিত্ত বিভাগৰ অনুমতি অবিহনে কোনো প্ৰশাসনিক বিভাগেই নতুন উন্য়নমূলক আঁচনি গ্ৰহণ কৰিব নোৱাৰিব। আনহাতে, চৰকাৰী বিভাগসমূহত সমূহত হোৱা ইন্ধন, চাহ আদিৰ ব্যয় বৰ্তমানৰ ২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলিও মন্ত্ৰীজনে সদৰী কৰে। তেওঁ আৰু কয় যে এই ব্যয় সংকোচন নীতিৰ অংশস্বৰূপে এয়া বান্ধি দিয়া হৈছে যে মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে কোনো চৰকাৰী বিভাগেই নতুন গাড়ী ক্ৰয় কৰিব নোৱাৰিব। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহত কোনো চৰকাৰী বিভাগেই আলোচনা চক্ৰ, কৰ্মশালা আৰু সভাৰ আয়োজন কৰিব নোৱাৰিব। অৱশ্যে জৰুৰী পৰিস্থিতিত ভিডিঅ কনফাৰেন্স আয়োজন কৰিব পাৰিব। ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক বাদ দি আন কোনেও চৰকাৰী খৰচত এক্সিকিটিভ শ্ৰেণীত ভ্ৰমণ কৰিব নোৱাৰিব। কোনো চৰকাৰী বিষয়াই চৰকাৰী খৰচত পঞ্চতাৰকাযুক্ত হোটেলত থাকিব নোৱাৰিব। ৰাজ্যপাল, মন্ত্ৰীসকল আৰু বিধায়কসকলে ৩০ শতাংশ কমকৈ দৰমহা লবলৈ সন্মত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com