মেঘালয়ৰ ১১ জিলাৰ ১০খনক ক’ৱিড-১৯ সেউজ মণ্ডলৰূপে ঘোষণা

মেঘালয়ৰ ১১ জিলাৰ ১০খনক ক’ৱিড-১৯ সেউজ মণ্ডলৰূপে ঘোষণা

মেঘালয়ৰ ১১ জিলাৰ ১০খনক ক’ৱিড-১৯ সেউজ মণ্ডলৰূপে ঘোষণা

মেঘালয়ৰ ১১ জিলাৰ ১০ খনক সম্প্ৰতি ক’ৱিড-১৯ সেউজ মণ্ডল বা গ্ৰীণ জ’নৰূপে ঘোষণা কৰা হৈছে। অৰ্থাত্ এই জিলাকেইখনত এই মহামাৰীৰ প্ৰভাৱ নাই। বৰ্তমানলৈ এই জিলাকেইখনৰ এজনো লোক ক’ৱিড-১৯মহামাৰীত আক্ৰান্ত হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত এই জিলাকেইখনক ক’ৱিড-১৯মহামাৰীমু্ক্ত বা সেউজ মণ্ডলৰূপে ঘোষণা কৰি মেঘালয় চৰকাৰে জিলাকেইখনত অন্তঃজিলা বাছ পৰিবহন সেৱা মুকলি কৰিছে। এই কথা প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগৰ সচিব চাইৰিল ভি ডি লিংডোৱে সাংবাদিকক কয়, “ ৰাজধানী চহৰ শ্বিলং অৱস্থিত পূব খাচী পাহাৰ জিলাৰ বাহিৰে ৰাজ্যৰ আন ১০ খন জিলাত এজনো ক’ৱিড-১৯ ৰোগী নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত এই জিলাকেইখনক গ্ৰীণ জনৰূপে ঘোষণা কৰা হৈছে। গ্ৰীণ জনৰ সকলো জিলা উপায়ুক্তই অন্তঃজিলা বাছ চলাচলৰ অনুমতি প্ৰদান কৰিব পাৰিব”। অৱশ্যে এই বাছসমূহে পূব খাচী পাহাৰ জিলাত প্ৰৱেশ কৰিব নোৱাৰিব বুলি লিংডোৱে সদৰী কৰে। মেঘালয়ত মুঠ ক’ৱিড-১৯ আক্ৰান্ত ব্যক্তি হ’ল ১২ জন । আটাইকইজনেই পূব খাচী পাহাৰ জিলাৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই কথা সদৰী কৰিছে ৷

ৰাজ্যখনত য়োৱা ১৩ এপ্ৰিলত প্ৰথমজন ক’ৱিড-১৯ আক্ৰান্ত ব্যক্তি চিনাক্ত কৰা হয়। আক্ৰান্ত ব্যক্তিজন শ্বিলঙৰ বাথানী হাস্পতালৰ চিকিৎসক আছিল। ৰোগ চিনাক্তকৰণৰ প্ৰায় ৪৮ ঘন্টাৰ ভিতৰত তেওঁ মৃত্যুমুখত পৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com