শিক্ষান্ত পৰীক্ষাৰ উত্তৰবহীৰ মূল্যাংকণ ৩১ মে'ৰ‌ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ মেঘালয় চৰকাৰৰ

শিক্ষান্ত পৰীক্ষাৰ উত্তৰবহীৰ মূল্যাংকণ ৩১ মে'ৰ‌ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ মেঘালয় চৰকাৰৰ

শিক্ষান্ত পৰীক্ষাৰ উত্তৰবহীৰ মূল্যাংকণ ৩১ মে'ৰ‌ ভিতৰত সম্পন্ন কৰিবলৈ নিৰ্দেশ মেঘালয় চৰকাৰৰ। মেঘালয়ৰ শিক্ষামন্ত্ৰী লাহমেন ৰাইমবুই কয় যে মেঘালয় স্কুলীয়া শিক্ষা (MBoSE) ৰ অধীনৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ উত্তৰবহী মূল্যাংকণ ৩১ মে'ভিতৰত সম্পূৰ্ণ হ'ব লাগিব ।

তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে "মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ উত্তৰবহীৰ মূল্যাংকন অতি সোনকালেই শেষ হোৱা উচিত । আমি বিচাৰোঁ যে ইয়াৰ ফলাফল ১০ জুনৰ ভিতৰত হ'ব লাগে "।‌

উল্লেখ্য যে মেঘালয় স্কুলীয়া শিক্ষা বৰ্ডৰ কাৰ্যবাহী অধ্যক্ষ এম এইচ কে মাৰাকলৈ প্ৰেৰণ কৰা এক পত্ৰত শিক্ষা বিভাগৰ প্ৰধান সচিব ডি পি বাহলংগেই কয় যে বিভাগটোৱে ‌সকলো উত্তৰবহী মূল্যাংকনকাৰীলৈ কাৰ্ফিউ পাছৰ ব্যৱস্থা কৰিব, যাতে মূল্যাংকন প্ৰক্ৰিয়া হ'ব পাৰে।

বাহলংহে লগতে কয় যে উ্ত্তৰবহী মূল্যায়ন কাৰীসকলৰ বাবে পাছৰ ব্যৱস্থা কৰিব লাগে, যি সকলে তুৰাৰ পৰা শ্বিলঙল পৰা আহিব লাগে। এয়া ৩১ মে' ৰ‌ ভিতৰত হ'ব ।‌

তথ্য অনুসৰি ৩০,০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে গণিতৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু যি সকলে অন্ত তিনিটা বিষয়ৰ পৰীক্ষা দিব সেই সকলৰ ৭০ জনতকৈ অধিক হ'ব ।

শিক্ষা মন্ত্ৰী গৰাকীয়ে লগতে কয়, " আমি মে'ৰ অন্তিম সপ্তাহত সম্ভৱত ২০ মে' ৰ পৰা পৰীক্ষা আয়োজিত হ'ব ।‌ আশা কৰো যে মে'ৰ প্ৰথম সপ্তাহত কিছু শিথিলতা হ'ব । দুই সপ্তাহৰ ভিতৰত ইয়াৰ ওপৰত আমি কাম কৰিব পাৰিম । তেওঁ কয় যে ৰাজ্যৰ প্ৰায় ২০০ গৰাকী ছাত্ৰ ছাত্ৰী বাহিৰৰ ৰাজ্যত আবদ্ধ হৈ আছে ।‌সেই‌সকলো এই গণিতৰ পৰীক্ষাত উপস্থিত হোৱাটো প্ৰয়োজনীয়" ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com