Begin typing your search above and press return to search.

ক’ৱিড-১৯ ৰ সংকটৰ মাজতে ব্যৱসায়ী-উদ্যোগীৰ বাবে মেঘালয়ে মুকলি কৰিব ৱেবিনাৰ ছিৰিজ

ক’ৱিড-১৯ ৰ সংকটৰ মাজতে ব্যৱসায়ী-উদ্যোগীৰ বাবে মেঘালয়ে মুকলি কৰিব ৱেবিনাৰ ছিৰিজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 April 2020 7:05 AM GMT

ক’ৱিড-১৯ ৰ সংকটৰ মাজতে উদ্যোগীৰ বাবে মেঘালয়ে মুকলি কৰিব ৱেবিনাৰ ছিৰিজ ।‌ মেঘালয়ে ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যোগীৰ বাবে মুকলি কৰিব অনলাইন ৱেবিনাৰ ছিৰিজ।

এই ৱেবিনাৰ ছিৰিজ আই পি এলত গ্লোবেল, মেনেজ ছাৰ্ভিচ অপাৰেটিং পাৰ্টনাৰে মেঘালয় ষ্টেট স্কিল ডেভেলপমেন্ট ছোচাইটি মেঘালয় চৰকাৰৰ সহযোগত মুকলি কৰা হ’ব ।

প্ৰথম বাৰৰ বাবে 'Becoming entrepreneurs in the time of Covid-19: prospects and challenge' ‌অনলাইন ৱেবিনাৰ মুকলি হ'ব শুকুৰবাৰে ৩ বজাৰ পৰা ৪.৩০ বজাৰ ভিতৰত ।

এই ছিৰিজত অংশগ্ৰহণ কৰিবলৈ ষ্টাৰ্ট আপ আৰু উদ্যোগীসকলক উৎসাহিত কৰা হৈছে।

ৱেবিনাৰ ছিৰিজৰ উদ্বোধন কৰিব মেঘালয় শ্ৰম বিভাগৰ প্ৰধান সচিব ডি পি ৱাহলেঙে ।‌

এই ছিৰিজৰ উদ্দেশ্য হ'ল ক’ৱিড-১৯ সংকটৰ কিছু ৰেহাই পাবলৈ ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যেগপতি সকলক সহায় কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা ।

ৱাহলেঙে কয়, "এয়া ব্যৱসায়ী আৰু যুৱ যুৱতীসকলৰ বাবে সক্ৰিয় হোৱাৰ সুযোগ লগতে এয়া উচিত সময় যে ব্যৱসায়কেন্দ্ৰিক হোৱা উচিত " ।‌ লগতে তেওঁ কয় যে ঘৰৰ পৰা কাম কৰি থকাসকলে প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ।

তেওঁ কয় যে ক’ৱিড-১৯ য়ে এক বৃহৎ প্ৰত্যাহ্বানৰ সহায়ত ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যেগপতি সকলক প্ৰস্তুত কৰিছে। এই ৱেবিনাৰ ছিৰিজ প্ৰত্যাহ্বান সমূহৰ মোকাবিলা কৰিবলৈ এই বিনম্ৰ প্ৰয়াস ।

আই পি ই গ্লোবেলৰ সঞ্চালক অস্বজিত পিচে কয় যে "আমি কাম কৰাৰ পদ্ধতি সমূহ বুজিব লাগিব তেতিয়াহে ব্যৱসায় সলনি হ'ব ।ইয়াৰ বাবে কিছু নতুন কৌশল অনাৰ দৰকাৰ হ'ব ।

" ।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰীৰ সময়ত কেনেদৰে ম’বাইল ফোন ছেনিটাইজ কৰিব ?

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story