Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰী: মেঘালয়ৰ একমাত্ৰ ক’ৱিড-১৯ ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু

ক’ৰ’না মহামাৰী: মেঘালয়ৰ একমাত্ৰ ক’ৱিড-১৯ ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 April 2020 10:16 AM GMT

ক’ৰ’না মহামাৰী: মেঘালয়ৰ একমাত্ৰ ক’ৱিড-১৯ ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু। মেঘালয়ৰ একমাত্ৰ ক’ৱিড-১৯ ত আক্ৰান্ত ৬৯ বছৰীয়া চিকিৎসকৰ বুধবাৰে নিশা মৃত্যু হয়।

তেওঁ শ্বিলঙৰ বেথানী হস্পাতালত মৃত্যুক আকোঁৱালি লয় ।‌ মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকৰ মতে, লোকজনৰ নিশা ২ বজাত মৃত্যু হয়।

তেওঁ কয় যে বেথানী হাস্পাতালক ইতিমধ্যে ছীল কৰা হৈছে আৰু চিকিৎসালয় খনৰ সকলো ৰোগী , চিকিৎসক, নাৰ্চ আৰু আন স্বাস্থ্য কৰ্মী সকলক কোৱাৰেন্টাইনত ৰখা হৈছে।

বেথানী হাস্পাতালৰ ৬৯ বছৰীয়া চিকিৎসকজন ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাটো সোমবাৰে নিশ্চিত কৰা হয় ।

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এইটো দ্বিতীয়টো ক’ৰ’না‌ মহামাৰীত মৃত্যুৰ ঘটনা।‌ ইয়াৰ পূৰ্বে অসমৰ হাইলাকান্দি জিলাৰ এজন লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৪০ টা ক’ৱিড-১৯ ৰ ঘটনা আছে । ইয়াৰ ভিতৰত মণিপুৰৰ এগৰাকী মহিলা সুস্থ হৈ উঠিছে ।

উল্লেখ্য যে সমগ্ৰ বিশ্বতে ক’ৰ’নাই ভয়ানক ৰূপ ধাৰণ কৰিছে। এয়া বিশ্ববাসীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে ।

আনহাতে, পৰিস্থিতিৰ দ্ৰুত অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি দেশত অহা ৩ মে'লৈ লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’নাৰ সংহাৰৰ প্ৰকৃত তথ্য গাপ দিছেঃ বিশ্ব স্বাস্থ্য সংস্থালৈ পুঁজি যোগান বন্ধ কৰিলে আমেৰিকাই

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story