ল’ক-ডাউনৰ নিয়ম উলংঘা কৰি মুম্বাইত প্ৰব্ৰজনকাৰী সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদ

 ল’ক-ডাউনৰ নিয়ম উলংঘা কৰি মুম্বাইত প্ৰব্ৰজনকাৰী সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদ

ল’ক-ডাউনৰ নিয়ম উলংঘা কৰি মুম্বাইত প্ৰব্ৰজনকাৰী সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদ

দেশজোৰা তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰি আজি মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচন উত্তাল কৰে সহস্ৰাধিক শ্ৰমিকে ৷ এই শ্ৰমিকসকল মহাৰাষ্ট্ৰৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ ৷ মুম্বাইৰ বিভিন্ন কল-কাৰখানাত নিয়োজিত এই শ্ৰমিকসকল ২১দিনীয়া ল’ক-ডাউনৰ ফলত আৱদ্ধ হৈ আছে ৷ আজি তেওঁলোকে ল’ক-ডাউন অন্ত পৰিব বুলি আশা কৰি আছিল ৷ কিন্তু ক’ৰ’না মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ক-ডাউনৰ ম্যাদ ১৯দিনৰ বাবে অহা তিনি মে’লৈকে বৃদ্ধি কৰে ৷ এই খবৰ পোৱাৰ পাছতে এই শ্ৰমিকসকল ক্ষুব্ধ হৈ বান্দ্ৰা ৰেল ষ্টেচনত উপস্থিত হয় ৷ প্ৰতিবাদমুখৰ শ্ৰমিকসকলক পাছত আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে খেদি পঠিয়ায় ৷ অভিযোগ অনুসৰি মহাৰাষ্ট্ৰ চৰকাৰে এই শ্ৰমিকসকলক খাদ্য-সামগ্ৰী যোগান ধৰা নাই ৷ যোৱা মাৰ্চত দিল্লীতো এনে এক পৰিৱেশৰ সৃষ্টি হৈছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com