Begin typing your search above and press return to search.

 আজৱ ঠাই : এটা নদীদ্বীপ , য'ত মানুহতকৈ কেঁকোৰাৰ ৰাজত্ব বেছি

 আজৱ ঠাই : এটা নদীদ্বীপ , যত মানুহতকৈ কেঁকোৰাৰ ৰাজত্ব বেছি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Nov 2019 12:53 PM GMT

আজৱ ঠাই : এটা নদীদ্বীপ , য'ত মানুহতকৈ কেঁকোৰাৰ ৰাজত্ব বেছি । আমি সকলোৱে কেঁকোৰা চিনি পাওঁ বা কেঁকোৰা সম্পৰ্কে জানো । তদুপৰি কিছুদিন আগতে আমি এটা কেঁকোৰাৰ বাতৰি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছিলো ।‌ য'ত এটা কেঁকোৰা বিক্ৰী হৈছিল ৩২ লাখ ৬২ হাজাৰ টকাত । এই ঘটনাটো সংঘটিত হৈছিল জাপানত । কিন্তু আজি আমি যিটো ঘটনাৰ বিষয়ে জনাব বিচাৰিছো এই ঘটনাটো কিছু পৃথক ।

জানিব পৰা মতে অষ্ট্ৰেলিয়াত এখন এনেকুৱা নদীদ্বীপ আছে য'ত চাৰিওফালে কেৱল কেঁকোৰায়ে দেখিবলৈ পোৱা যায়। নদীদ্বীপটোত ইমানেই কেঁকোৰা আছে যে দেখিলে লাগে তাত কেঁকোৰাৰ বৰষুণ হৈছে । পথৰ পৰা আৰম্ভ কৰি ঘৰলৈ সকলো ঠাইতে কেঁকোৰাৰে ৰাজত্ব ।

জানিব পৰা মতে এই নদীদ্বীপটোৰ নাম ক্ৰিছমছ দ্বীপ। ইয়াত প্ৰতি বছৰে কোটি কোটি কেঁকোৰা দেখিবলৈ পোৱা যায়। লগতে কয় যে এই কেঁকোৰা বোৰ ঘৰ , ৰেষ্ট'ৰা , বাছ আস্থান সকলোতে দেখিবলৈ পোৱা যায় । এই ঠাই খনৰ সকলোপিনে কেৱল কেঁকোৰায়ে ঠাই ।

জানিব পৰা মতে প্ৰতি বছৰে নদীদ্বীপটোৰ কেঁকোৰা বোৰে প্ৰজননৰ বাবে ক্ৰিছমছ দ্বীপত অৱস্থিত এখন অৰণ্যৰ পৰা ভাৰতীয় মহাসাগৰৰ পিনে গতি কৰে। এই সময়খিনিত কেঁকোৰাৰ বাবে ঠাই খন সম্পূৰ্ণ ৰঙা দেখিবলৈ পোৱা যায়। আনকি জানিব পৰা মতে কেঁকোৰাৰ বাবে কেতিয়াবা পোষ্টাৰ দিয়ে য'ত লিখা থাকে গাড়ী লাহে লাহে চলাব । তদুপৰি কেতিয়াবা কেকোঁৰাৰ বাবে ৰাস্তা বন্ধ কৰি দিয়া হয়। এই নদীদ্বীপটো প্ৰায় ৫২ বৰ্গ মাইল ক্ষেত্ৰফল আগুৰি আছে আৰু এই নদীদ্বীপটোত প্ৰায় ২০০০ জন আৱাসী আছে ।

অন্য খবৰৰ বাবে পঢ়ক: সৰু ল’ৰা ছোৱালীৰ লগত বিৰাট কোহলিয়ে খেলিছে ক্ৰিকেট, ভাইৰেল হ’ল ভিডিঅ’

ভিডিঅ প্ৰতক্ষ্য কৰক: Wild Jumbo injured two Women in Digboi

Next Story
চাকৰি