Begin typing your search above and press return to search.

অসমৰ নতুন প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ নতুন প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান ড° হিমন্ত বিশ্ব শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2019 10:43 AM GMT

অসমৰ নতুন প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসম খন হৈছে এখন কৃষি প্ৰধান ৰাজ্য ৷ দেশৰ উন্নত ৰাজ্যসমূহৰ দৰে বাণিজ্যিক ভিত্তিত কৃষি উৎপাদন,দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰী প্ৰস্তুত কৰণ আৰু উৎপাদনমুখী চিন্তাৰে সংস্থাপনৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ নহলে অসমখনক অৰ্থনৈতিক দিশত সবল ৰূপত গঢ়ি তুলিব পৰাটো সম্ভৱ নহয়।

গতিকে কৃষি বৈজ্ঞানিক আৰু কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে কৃষকসকলক সহায় কৰিব লাগিব ৷আৰু নতুন প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব ৷এই মন্তব্য ৰাজ্যিক বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ইফালে, অসম কৃষি বিশ্ব বিদ্যালয়ৰ সোনালী জয়ন্তীৰ সামৰণি অনুষ্ঠান ড° এম চি দাস মেম’ৰিয়েল প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল ।

এই অনুষ্ঠানত উপস্থিত থাকি ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ অৰ্থনীতিলৈ ৰাজ্যখনৰ ভিতৰৰে পৰাই এসময়ত যি বৰঙনি আহিছিল সেই বৰঙনিও ক্ৰমাৎ হ্ৰাস পাইছে ৷ সাম্প্ৰতিক সময়ত সমাজখন কৃষিৰ পৰা আঁতৰি অহা দৃশ্যই ৰাজ্যখনৰ বাবে ভৱিষ্যত দিনত অৰ্থনীতিৰ ক্ষেত্ৰত ভয়াৱহ ইংগিত বহন কৰিছে ।গতিকে এনে ক্ষেত্ৰত সোনালী জয়ন্তী সম্পূৰ্ণ কৰা অসম কৃষি বিশ্ববিদ্যালয়ে আগন্তক ৫০ বছৰৰ ভৱিষ্যত দৰ্শনৰ কাৰণে নতুন চিন্তাৰে আগবাঢ়িব লাগিব।

আজিৰ অৰ্থনীতি আৰু বাস্তৱ ছবিখনৰ সৈতে সমতা বজাই ৰাখি অসমৰ লগতে দেশৰ অৰ্থনীতি সুস্থিৰ কৰাত সহায়ক হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে ২২ হাজাৰ কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰি অসমৰ শোধনাগাৰলৈ বাহিৰৰ পৰা খাৰুৱা তেলৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে। ড° শৰ্মাই এক্ট ইষ্ট প’লিচীৰ কথা উল্লেখ কৰি কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে পথ যোগাযোগ সুচল হ’লে অসম ম্যানমাৰ,থাইলেণ্ড আদিলৈ যাব পাৰিব৷

ইফালে একেডোখৰ ভূমিতে বহু তৰপীয়া কৃষি কৰিব নোৱাৰিলে ২০২২ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষি উৎপাদন আৰু কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷সেই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ ন’হব ৷সেয়ে এনে জটিল সন্ধিক্ষণত ৫০ টা বছৰ সম্পূৰ্ণ কৰা অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি গৱেষণাৰ সুফল আগন্তক ৫০ বছৰৰ ভৱিষ্যত দৰ্শনৰ চিন্তাৰে অসমৰ কৃষি অৰ্থনীতি সবল ৰূপত গঢ়ি তোলাৰ সংকল্পই কৃষকৰ পথাৰলৈ লৈ যোৱাত অগ্ৰনী ভূমিকা হাতত ল’ব ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ এই অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী,কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড° জয়ন্ত ডেকা,সহকাৰী পঞ্জীয়ক অনুপ কুমাৰ দাস আদি উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: তেজপুৰত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিনামূলীয়া ডাইলাছিছ আঁচনি মুকলি

Next Story
চাকৰি