গুৱাহাটীত পিয়াঁজৰ মূল্য ৬৬ টকা নিৰ্ধাৰিত কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

গুৱাহাটীত পিয়াঁজৰ মূল্য ৬৬ টকা নিৰ্ধাৰিত কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ বজাৰত পিয়াঁজ আৰু আলুৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে ৷বিগত তিনিদিনৰ পৰা বিভিন্ন বজাৰত পিয়াঁজৰ প্ৰতি কিলোগ্ৰামত মূল্য ৭০ টকা,৭৫ টকা আৰু ৬৮ টকা হৈছেগৈ। ইফালে পিয়াঁজৰ মূল্য বৃদ্ধি সন্দৰ্ভত দিছপুৰৰ জনতা ভৱনত ব্যৱসায়ীৰ সৈতে বুধবাৰে ৰাজ্যৰ যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে এখন বৈঠকত ভাগ লয় ৷
বৈঠকখনত মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে মহানগৰীৰ বিভিন্ন স্থানত পিয়াঁজৰ মূল্য বৃদ্ধি সন্দৰ্ভত মন্তব্য কৰে । আৰু আজিৰে পৰা এক সপ্তাহলৈকে কেৱল গুৱাহাটীৰ বজাৰত পিয়াঁজৰ মূল্য ৬৬ টকা নিৰ্ধাৰিত কৰি দিয়ে। লগতে আলু আৰু পিয়াঁজৰ ব্যৱসায়ী সন্থাই পিয়াঁজৰ এই মূল্যক স্বীকাৰ কৰে ৷ আৰু কয় যে বিগত তিনিদিনত নাছিকত হোৱা ধাৰাষাৰ বৰষূণৰ কাৰণে পিয়াঁজৰ মূল্য বৃদ্ধি হৈছিল ।
কাৰণ অসমলৈ বৃহৎ সংখ্যক পিয়াঁজ নাছিকৰ পৰা অসমলৈ আহে। আনহাতে মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ লগত হোৱা বৈঠকৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত আলু পিয়াঁজৰ ব্যৱসায়ীসকলে কয় যে নাছিকত পিয়াঁজৰ মূল্য স্থিৰ হওঁতে সময় লাগিব৷ গতিকে পিয়াঁজৰ মূল্য সীমিত পৰিমাণে হ্ৰাস হোৱাত সকাহ পাইছে গুৱাহাটী বাসীয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক:প্ৰতিদিনে বৃদ্ধি হোৱা পিয়াঁজৰ মূল্যক লৈ দল বিৰোধীৰ প্ৰতিক্ৰিয়া
ভিডিঅ প্ৰতক্ষ্য কৰক:Pramila Rani Brahma has no other option left except joining the Gana Suraksha Party: MP Naba Sarania