প্ৰতিদিনে বৃদ্ধি হোৱা পিয়াঁজৰ মূল্যক লৈ দল বিৰোধীৰ প্ৰতিক্ৰিয়া

প্ৰতিদিনে বৃদ্ধি হোৱা পিয়াঁজৰ মূল্যক লৈ দল বিৰোধীৰ প্ৰতিক্ৰিয়া

সাম্প্ৰতিক সময়ত পিয়াঁজ ৰাজনীতিৰ মাজত সোমাই পৰিছে ।বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনত আছে যদিও কংগ্ৰেছে সম্প্ৰতি পিয়াঁজৰ মূল্য বৃদ্ধিক লৈ ৰাজপথত উঠাৰ অতিক্ৰম হৈছে ৷ অৱশ্য এইয়া কোনো নতুন কাহিনী নহয়। কাৰন দিছপুৰত থকা প্ৰত্যেক খন চৰকাৰে পিয়াঁজৰ মূল্য বৃদ্ধি পালেই সেই একেই স্থিতি গ্ৰহণ কৰে। আৰু বিৰোধী দলক কেন্দ্ৰ কৰি পৰিস্থিতি প্ৰতাবাদ মুখৰ কৰি তোলে ।

কংগ্ৰেছৰ নেতা পালিনেতাসকলে ৰাজপথলৈ ওলায় ক্ৰমে শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ উপক্ৰম হোৱা পিয়াঁজৰ মূল্য হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে ৷ সেই একেই পৰিস্থিতি সৃষ্টি হৈছিল। কংগ্ৰেছ চৰকাৰ শাসনত থাকোতে। এগৰাকী বিজিপি নেতাৰ মন্তব্য অনুসৰি কংগ্ৰেছ চৰকাৰে ভালকৈ জানে যে পিয়াঁজৰ মূল্য কিয় বৃদ্ধি হৈছে। কিন্তু তেওঁলোকে অজ্ঞতাৰ ভাও ধৰিছে।

ইফালে খাদ্য আৰু জন সংযোগ বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে পিয়াঁজৰ মূল্য সন্দৰ্ভত বজাৰ পৰিদৰ্শন কৰি আছে। কাৰণ পিয়াঁজ জনসাধাৰণৰ আৱশ্যকীয় বস্তু শাৰীত আহে ৷বিগত চৰকাৰসমূহৰ দিনতো মন্ত্ৰী বজাৰ সমূহ পৰিদৰ্শন কৰি পিয়াঁজৰ মূল্য হ্ৰাস কৰিবলৈ সক্ষম হৈছিল। আনহাতে পিয়াঁজ উৎপাদনৰ ক্ষেত্ৰত অসম কাষৰীয়া ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। কাৰণ সেই ৰাজ্যসমূহ ৬০-৭০ মেট্ৰিক টন বস্তু আৰ্জন কৰিব পাৰে। ২০১৩ চনৰ অক্টোবৰ মাহত পিয়াঁজক ৭০-৮০ টকা বিক্ৰী কৰা হৈছিল।

সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পিয়াঁজৰ মূল্য বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰী পিয়াঁজ মিশ্যন আৰম্ভ কৰিছিল। মিশ্যনৰ সময়ত ৰাজ্যত ২০০০ হেক্টৰ অতিৰিক্ত ভূমিত পিয়াঁজৰ খেতি কৰা হৈছিল। অৱশ্য এই মিশ্যনে ৰাজ্য চৰকাৰক সুফল দিব নোৱাৰিলে ৷এক বিশেষ সূত্ৰৰ মতে পিয়াঁজৰ মূল্য ছেপ্তেম্বৰ অক্টোবৰ মাহত বৃদ্ধি পায় ৷সম্প্ৰতি নতুনকৈ হোৱা পিয়াঁজৰ উৎপাদন হোৱা গতি বৃদ্ধি পাইছে ।আৰু কিছুমান ব্যৱসায়ীয়ে ইয়াৰ আশ্ৰয় লৈ পিয়াঁজৰ মূল্য বৃদ্ধি কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Plastic free campaign in Dhemaji, Mahila Samaj distributes cloth bags

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com