Begin typing your search above and press return to search.

আকাশলংঘী হৈছে পিয়াঁজৰ মূল্য: সমপৰিমাণে বৃদ্ধি পাইছে কাৰ্টুনৰ সংখ্যা

আকাশলংঘী হৈছে পিয়াঁজৰ মূল্য: সমপৰিমাণে বৃদ্ধি পাইছে কাৰ্টুনৰ সংখ্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2019 12:45 PM GMT

আকাশলংঘী হৈছে পিয়াঁজৰ মূল্য ৷ সম্প্ৰতি ৰাজ্যত বৃদ্ধি পোৱা পিয়াঁজৰ মূল্যই জনসাধাৰণক জোলোকে জোলোকে পানী খুৱাইছে ৷কাৰণ প্ৰত্যেকটো খাদ্যতে উপযোগী পিয়াঁজৰ মূল্য বৃদ্ধিয়ে মধ্যবিত্ত সকলৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাইছে। কাৰণ ৰাজধানী দিল্লীৰ লগতে দেশৰ অন্যান্য প্ৰান্তত পিয়াঁজৰ মূল্য ৭০-৮০ টকা অতিক্ৰম কৰিছে ৷

পিয়াঁজৰ মূল্য নিয়ন্ত্ৰিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পদক্ষেপ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে জনতা ভৱনৰ এক সন্মিলনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কামক সমীক্ষা কৰে। লগতে বিভাগক শক্তিশালী কৰিবৰ কাৰণে আহ্বান কৰে ৷ ইফালে বিগত সময়ত পিয়াঁজৰ মূল্য বৃদ্ধি চৰকাৰ আৰু জনসাধাৰণৰ কাৰণে এক চিন্তাৰ বিষয় আছিল।

মুখ্যমন্ত্ৰী সোনোৱালে পাকঘৰৰ প্ৰতিটো বস্তুৰ মূল্য সীমিত কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আহ্বান কৰে ৷ ইফালে নেশ্যনেল এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিভ ফেডাৰেশ্বন অব ইণ্ডিয়া লিমিটেডৰ পৰা পিয়াঁজ ক্ৰয় কৰা আৰু বজাৰত পিয়াঁজৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ সম্পৰ্কতো সোনোৱালে নিৰ্দেশ দিয়ে ।

সোনোৱালে কয় যে এই সন্দৰ্ভত এক তদন্ত হ’ব লাগে ৷ মাহেকত ৰাজ্যখনত ৬০ হাজাৰ মেট্ৰিকটন পিয়াঁজৰ প্ৰয়োজন হয় আৰু এই চাহিদা পূৰ কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে উক্ত প্ৰতিষ্ঠানখনৰ পৰা পিয়াঁজ ক্ৰয় কৰিবলৈ আহ্বান জনায় ।ইফালে বৈঠকত ১০০ গৰাকী হিতাধিকাৰীক “আমাৰ দোকান” খোলাৰ ওপৰত প্ৰত্যেককে ১ লাখ টকা প্ৰদানৰ আঁচনিত অনুমোদন জনায় ।

গতিকে সম্প্ৰতি পিয়াঁজৰ মূল্যক হ্ৰাস কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ বিভিন্ন পদক্ষেপে জনসাধাৰণৰ মাজত চৰ্চা লাভ কৰি আছে ।ইফালে পিযাঁজৰ মূল্য আকাশলঙ্ঘী হোৱাৰ সময়তে জনসাধাৰণৰ মাজত পিযাঁজৰ মূল্য বৃদ্ধিক লৈ তৈয়াৰ কৰা মিমীয়ে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে। আহক চাওঁ জনসাধাৰণৰ মাজত বিয়পি পৰা কেইটামান কাৰ্টুনৰ ৷

https://twitter.com/iDipen_/status/1177073550106054656

https://twitter.com/djaywalebabu/status/1176760209064153089

অন্য খবৰৰ বাবে পঢ়ক: এজন আৰক্ষীৰ সামাজিক দায়বদ্ধতাই চুই গৈছে দেশ বাসীৰ হৃদয়: ভিডিঅ’ চাওক

ভিডিঅ প্ৰতক্ষ্য কৰক:AASU staged road blockade in Biswanath's Bihali | The Sentinel News | Assam News

Next Story
চাকৰি