Begin typing your search above and press return to search.

অসম চুক্তিঃ উচ্চ স্তৰীয় সমিতিৰ তিনিটা নতুন প্ৰস্তাৱৰ সমীক্ষা

অসম চুক্তিঃ উচ্চ স্তৰীয় সমিতিৰ তিনিটা নতুন প্ৰস্তাৱৰ সমীক্ষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Aug 2019 7:03 AM GMT

অসম চুক্তিৰ ৬ নং দফাৰ সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ে উচ্চ স্তৰীয় সমিতিলৈ প্ৰেৰণ কৰা তিনিটা প্ৰস্তাৱৰ ওপৰত পুনৰ সমীক্ষা কৰিছে ৷ উচ্চ স্তৰীয় সমিতিৰ অনুসৰি নতুন প্ৰস্তাৱক অন্তৰ্ভূক্ত কৰিবৰ কাৰণে পেনেলৰ নিয়মক বৃদ্ধি কৰিব লাগে ৷যিয়ে অসমীয়া লোকসকলৰ কাৰণে অধিকাৰ সংৰক্ষণ বিষয়টো সুনিশ্চিত কৰিব ৷

নতুন প্ৰস্তাৱসমূহ অসমীয়া লোকৰ ভূমি অধিকাৰৰ,সংসদত আসন সংৰক্ষিত,কেন্দ্ৰ চৰকাৰৰ বিভিন্ন সেৱাৰ লগতে অসমত কৰ্মৰত বিভিন্ন সংগঠনৰ নিযুক্তি প্ৰসংগত বিভিন্ন বিষয়সমূহ সন্নিবিষ্ট আছে ৷অসম চুক্তিৰ ৬ নং দফাত উল্লেখ আছে যে অসমীয়া লোকৰ সামাজিক,সাংস্কৃতিক,ভাষা সংৰক্ষণ,সাংবিধানিক,প্ৰশাসনিক আদি সকলো দিশ সুৰক্ষিত থাকিব ৷ইয়াৰ মাজতে গৃহ মন্ত্ৰ্যালয়ে অসমীয়া লোকসকলৰ কাৰণে আসন সংৰক্ষণৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে ৷

দ্বিতীয়তে উচ্চ স্তৰীয় সমিতিৰ এক বিশেষ সূত্ৰৰ অনুসৰি পেনেল বিভিন্ন হিতাধিকাৰ সকলৰ লগত বিচাৰ কৰাৰ প্ৰাকমূহুৰ্তত তিনিটা নতুন প্ৰস্তাৱৰ ক্ষেত্ৰত গৃহ মন্ত্ৰ্যালয়ৰ মঞ্জুৰীৰ অপেক্ষা কৰি আছে ৷ উচ্চ স্তৰীয় সমিতিয়ে বিধান সভা আৰু অন্যান্য লোকসকলৰ কাৰণে আসন সংৰক্ষণৰ কাৰণে সমীক্ষা কৰিব ৷লগতে অসমীয়া আৰু অসমৰ অন্য স্বদেশী ভাষাৰ সুৰক্ষাৰ কাৰণে বিভিন্ন পৰামৰ্শ প্ৰদান কৰিব ৷

ইফালে সমিতিয়ে নিৰ্ধাৰিত তাৰিখৰ ছয় মাহৰ ভিতৰত নিজৰ প্ৰতিবেদন প্ৰকাশ কৰিব। আনহাতে চলিত বৰ্ষৰ ১৫ জুলাইত সমিতি গঠন কৰা হৈছিল ৷ আৰু সমিতিৰ অনাগত বৈঠক হ’ব ১৭ আগষ্টত ৷ উল্লেখ্য যে ১৪ জন সদস্যৰ উচ্চ স্তৰীয় সমিতিৰ নেতৃত্ব বহন কৰিছে ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাই। বিপ্লৱ কুমাৰ শৰ্মা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৷

অধিক খবৰৰ বাবে পঢ়ক : অসম চুক্তি: জনগোষ্ঠীয় লোকৰ ভূমি বেদখলৰ সম্পৰ্কে অনুসন্ধান কৰিব লাগে পেনেলে

ভিডিঅ প্ৰতক্ষ্য কৰক:Giant crocodile spotted on the roof of flood submerged house in Karnataka

Next Story
চাকৰি