Begin typing your search above and press return to search.

মোদীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেটকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

মোদীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম খন বাজেটকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 July 2019 12:42 PM GMT

২০১৯ কেন্দ্ৰীয় বাজেটক লৈ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । শুকুৰবাৰ সংসদত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা কৰা বাজেট খনক বিজেপিৰ সদস্য সকলে সমৰ্থন কৰাৰ বিপৰিতে বিৰোধীয়ে সমালোচনা কৰিছে।

অসমৰ সাধাৰণ লোকৰ আশা আকাংক্ষা পূৰন কৰাৰ নাই বুলি সমালোচনা কৰাৰ লগতে অসমৰ চাহ উদ্যোগ আৰু বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ বাবে কোনো হিতকৰ বাজেট ধাৰ্য্য কৰা নাই। অসমৰ চাহ উদ্যোগৰ পৰা দেশে বছৰী বৃহৎ ৰাজহ লাভ কৰি আহিছে । সেয়েহে চাহ উদ্যোগক গুৰুত্ব নিদিয়াটো উদ্বেগৰ বিষয়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰায়ে কেন্দ্ৰীয় বাজেট খন সমালোচনা কৰে । তেওঁ কয় , বাজেট খনত ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ নিকা আৰু ভালকৈ ৰখাৰ ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ নকৰিলে । কিন্তু কেন্দ্ৰয়ে গংগা নদীক চাফা কৰিবৰ কাৰণে বাজেট ধাৰ্য্য কৰা হৈছে । কিয় এনে ভেদ ভাব বুলি প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰায়ে লগতে কয় যে, " বাজেটক ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ বুলি উল্লেখ কৰিছে । কিন্তু ইয়াৰ বাবে ৰোড মেপ দিয়াত ব্যৰ্থ হৈছে । বাজেটত কেৱল গংগা নদী খন নিকা কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে ।কিন্তু কিয় ব্ৰহ্মপুত্ৰ আৰু বৰাক অন্তৰ্ভুক্ত কৰা নহল? তেওঁলোকে যুৱচামৰ কথা কয় কিন্তু নিয়োগৰ কাৰনে একো ব্যবস্থাৰ কথা উল্লেখ নাই ।"

FINER ৰ সদস্য আৰ এচ জুচীয়ে বাজেট খন উত্তম বাজেট বুলি প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :চানৈক্য নীতি, উৰ্দু শ্লোক, তামিল কবিতাৰে বাজেটৰ ভাষন আৰম্ভ কৰে বিত্ত মন্ত্ৰীয়ে

Next Story
চাকৰি