Begin typing your search above and press return to search.

এনআৰচিৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিত প্ৰতিক্ৰিয়া মমিনূল আৱালৰ

এনআৰচিৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিত প্ৰতিক্ৰিয়া মমিনূল আৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Sep 2019 5:02 AM GMT

অসমৰ সংখ্যালঘূ বৰ্ড অৰ্থাৎ এএমডিবিয়ে সদৌ অসম ছাত্ৰ সন্থাক ৰাষ্ট্ৰীয় নাগৰিৰ পঞ্জীত তেওঁলোকৰ স্থিতিক লৈ সমালোচনা কৰে। লগতে বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে এক সংবাদমেল সম্বোধন কৰি প্ৰশ্ন কৰে যে বহু মুছলিমলোকৰ নাম অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত কৰিলে যদিও সদৌ অসম ছাত্ৰ সন্থা সম্প্ৰতি নিমাত কিয়?এই পৰিস্থিতিৰ লগত মুখামুখী হ’বলৈ আছুয়ে কি স্থিতি লৈছে। অসমৰ লোকসকলে এই সকলো বিষয় নিৰীক্ষণ কৰি আছে ৷ আৱালে লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাৰণে প্ৰতিবেদন প্ৰস্তত কৰোতে আছুয়ে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত বৈঠক অনুষ্ঠিত কৰিছিল। আৱালে দাবী কৰে যে বহু বিসংগতিৰ কাৰণে এনআৰচিত বিদেশী অন্তৰ্ভুক্ত হ’বলৈ সুবিধা পালে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত বিভিন্ন দল সংগঠন আৰু লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ইয়াৰ ভিতৰত বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই ৷

ৰাজ্যৰ সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ত ১৪ ছেপ্তেম্বৰত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সূচী প্ৰকাশ কৰা হ’ব এই সূচীত এনআৰচি কাৰণে অযোগ্য হোৱা লোকসকলৰ নাম অন্তৰ্ভুক্ত হ’ব।উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

অন্য খবৰৰ বাবে পঢ়ক:নিজৰ ভূমিতেই প্ৰমাণ দিব লগা হৈছে স্বদেশী লোকে

ভিডিঅ প্ৰতক্ষ্য কৰক:Three vehicles vandalized during Tazia Procession in Dibrugarh | The Sentinel News | Assam News

Next Story
চাকৰি