বান্দৰ এটাই নিলে আঘাতপ্ৰাপ্ত বান্দৰক চিকিৎসালয়লৈ, নাপালে সহায়

বান্দৰ এটাই নিলে আঘাতপ্ৰাপ্ত বান্দৰক চিকিৎসালয়লৈ, নাপালে সহায়

বান্দৰ এটাই নিলে আঘাতপ্ৰাপ্ত বান্দৰক চিকিৎসালয়লৈ, নাপালে সহায় ।মানুহ অথবা জন্তু , সকলোৰে মাকৰ মমতা সকলোৰে হৃদয়ত একেই হয় । এগৰাকী মাতৃয়ে নিজৰ ল'ৰা ছোৱালীৰ হিতৰ বাবে যি কোনো কাম কৰিবলৈ সাজু থাকে । জীৱ জন্তুৰ‌ ক্ষেত্ৰতো ব্যতিক্ৰম‌ নহয় । এটা বান্দৰে দিলে মমতাৰ পৰিচয় ।সিহোৰ জিলাত সংঘটিত হৈছে এক ব্যতিক্ৰমী ঘটনা । এই ঘটনাটোৱে মানৱ সমাজলৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে । বান্দৰৰ পোৱালী এটা হঠাৎ বৈদ্যুতিক তাঁৰৰ দ্বাৰা বিদ্যুৎপৃষ্ঠ হৈ তলত পৰে । তাৰ পিছতেই বান্দৰটোৰ মাতৃয়ে বান্দৰটোক লৈ ইফাল সিফাল কৰি হাহাকাৰ কৰে । বান্দৰটোৱে থকা ঠাইখিনিতে এখন পশু চিকিৎসালয় আছিল । বান্দৰটোৱে সহায়ৰ বাবে ইফালে সিফালে ঘূৰি আছিল যদিও কোনোৱে সহায় কৰিব আগবাঢ়ি নাহিল বান্দৰটোক । অৱশেষত বান্দৰৰ পোৱালী টোৱে নিজৰ মাতৃৰ কোলাত প্ৰাণ ত্যাগ কৰে । মানৱ জাতিক লজ্জিত কৰা এই ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ সিহোৰ জিলাত ।

পশু চিকিৎসালয়ৰ চিকিৎসক জনে কয়‌ যে এনেকুৱা ঘটনা প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে য'ত এটা বান্দৰে ৰোগীক চিকিৎসালয়লৈ আনিছে ।চিকিৎসক জনে জনোৱা অনুসৰি যেতিয়া তেওঁলোক বান্দৰটোৰ ওচৰলৈ গৈছিল তেতিয়া আঘাতপ্ৰাপ্ত বান্দৰটোত হাত লগাব দিয়া নাছিল । সেই সময়ত বান্দৰটো খঙত আছিল যাৰ বাবে উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰিলে আঘাতপ্ৰাপ্ত বান্দৰটোক । কিন্তু কিছু সময় পিছত যেতিয়া চিকিৎসকে বান্দৰটোৰ পৰীক্ষা কৰিছিল সেই সময়ত মৃত্যু হৈছিল আঘাতপ্ৰাপ্ত বান্দৰটোৰ।

ভিডিঅ প্ৰতক্ষ্য কৰক: PM announces peace accord with NSCN, Naga militant group

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com