Begin typing your search above and press return to search.

বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা দিছপুৰৰ

বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা দিছপুৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 July 2019 5:56 AM GMT

বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা দিছপুৰৰ ৷ ৰাজ্যত সম্প্ৰতি বানৰ বিভীষিকা ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি অনাগত ৪৮ ঘন্টাত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে বিয়লি চাৰ্কিট হাউচৰ এক সংবাদ সন্মিলন সম্বোধন কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে বতৰ বিজ্ঞান বিভাগে আৰু অধিক বৰষুণ হোৱাৰ সম্ভৱনাৰ কথা ব্যক্ত কৰিছে।

সেয়েহে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ যদি বৰষুণৰ পৰিমাণ হ্ৰাস নাপাই তেন্তে নামনি অসমৰ জিলাসমূহত বানপানীৰ সৃষ্টি হ’ব পাৰে ৷ইফালে ৰাজ্যৰ বানে বেছিকৈ প্ৰভাৱিত কৰা জিলাসমূহত অধিক সস্ত্ৰম হৈছে প্ৰশাসন ৷মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজৰ বান প্ৰভাৱিত জিলাসমূহৰ সমীক্ষা কৰিছে ৷

লগতে অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে মুখ্যমন্ত্ৰী সোনোৱালক বানত আক্ৰান্ত লোকসকলক সহায় কৰিবৰ কাৰণে সকলো ধৰণৰ সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ অন্যহাতে যোৰহাটৰ নিমাতীঘাট, তেজপুৰ,গুৱাহাটী,গোৱালপাৰা আৰু ধুবুৰী আদি জিলাত ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷

ডিব্ৰুগড়ৰ বুঢ়ীদিহীং,নুমলীগড়ৰ ধনশিৰী,শোনিতপুৰৰ জিয়া ভৰালী,নগাঁও আৰু ধৰমতুলত কপিলী,কামৰূপত পুথিমাৰি,বৰপেটাত বেকী,কাছাৰ আৰু কৰিমগঞ্জত বৰাক আদি নদী বিপদ সীমাৰ ওপৰেৰে ওপৰেৰে বৈ গৈছে ৷ কুমাৰ সঞ্জয় কৃষ্ণই লগতে কয় যে ২৫ খন জিলাত ৮০ ৰাজহ চক্ৰৰ ভিতৰত ২২১৭ খন গাঁৱৰ ১৪,১৭,৪১১ জন লোক বানে প্ৰভাৱিত কৰিছে ৷ এতিয়ালৈকে ৰাজ্যৰ প্ৰায় ৮ জন লোকে বানত প্ৰাণ ত্যাগ কৰিছে ৷

ৰাজ্যৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বান পীড়িতসকলক সহায় কৰিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ধন আছে ৷ উল্লেখ্য যে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হৰি শংকৰ ব্ৰহ্মই কয় যে নামনি অসমত থকা লোকসকলক ওখ আৰু সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিব লাগে ৷ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ জীৱ জন্তুসমূহৰ সুৰক্ষাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যত কালৰূপ ধাৰণ কৰিছে বানপানীয়ে: ৩ মৃত্যু, ২ লাখ লোক বানৰ কৱলত

Next Story
চাকৰি