পৃথিৱীৰ পাঁচ জোপা বিষাক্ত গছ, যি হ'ব পাৰে আপোনাৰ মৃত্যুৰ কাৰণ

পৃথিৱীৰ পাঁচ জোপা বিষাক্ত গছ, যি হ'ব পাৰে আপোনাৰ মৃত্যুৰ কাৰণ । আমি প্ৰায়ে বিভিন্ন আজৱ ঘটনাৰ কথা গম পাও। প্ৰায়ে এনেধৰণৰ কিছুমান ঘটনা পোহৰলৈ আহে যিয়ে সকলোকে আচৰিত কৰি তোলে । পৃথিৱী খন সেউজীয়া গছ গছনিৰে ভৰা । বিভিন্ন ধৰণৰ গছ গছনি সমূহ পৃথিৱীৰ জীৱ কুলৰ বাবে অত্যন্ত জৰুৰী। গছ গছনি জীৱনৰ এক মহত্বপূৰ্ণ অংশ । কিন্তু আপোনালোকে জানেনে যে পৃথিৱীত এনেধৰণৰ কিছুমান গছ গছনি আছে যিয়ে মানুহৰ মৃত্যুৰ কাৰণ হ'ব পাৰে ।
জানিব পৰা মতে মানুহৰ মৃত্যুৰ কাৰণ হ'ব পৰা এডাল গছৰ নাম হ'ল পোষমবুড । এই গছ জোপাৰ ভয়ানক কথা এয়ে যে গছ জোপাক ফল পকি ফাটি যায় যাৰ শব্দ হয় অতি ডাঙৰ। তাৰ পিছতেই ইয়াৰ বীজবোৰ ২৫৭ কিলোমিটাৰ প্ৰতি ঘণ্টাত বায়ুৰ লগত মিলিত হয় । যদি কোনো লোক ইয়াৰ চিকাৰ হয় তেন্তে লোক জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় । জানিব পৰা মতে এই গছ জোপা উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ অমেজন বৰ্ষাৰণ্যত পোৱা যায়।
জানিব পৰা মতে অষ্ট্ৰেলিয়াতো এজোপা ভয়ংকৰ গছ পোৱা যায় যাৰ ফলত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। এই গছ জোপাৰ নাম জিমপী ষ্টিংগৰ বুলি জানিব পৰা গৈছে। এই গছ জোপা সাধৰণতে কাঁইটীয়া হয় যাৰ ফলত গছ জোপা অত্যন্ত ধুনীয়া দেখি। কিন্তু এই গছ জোপাৰ কাইট সমূহ অতি ভয়ানক । জিমপী ষ্টিংগৰ নামৰ গছজোপাৰ কাঁইটত বিষ থাকে আৰু এই কাঁইটৰ বিষ ইমানেই বিষাক্ত যে যদি কাৰোবাৰ শৰীৰত এই বিষ প্ৰৱেশ কৰে তেন্তে মৃত্যু হব পাৰে ব্যক্তি গৰাকীৰ ।
তদুপৰি চুইচাইড ট্ৰি নামৰ এজোপা গছো অতি বিষাক্ত। এই গছ জোপা ভাৰতৰ লগতে এছিয়াৰ আন বহুতো দেশত পোৱা যায়। জানিব পৰা মতে এই গছজোপাৰ ফল সমূহ বিষাক্ত। এই ফল খোৱাৰ ফলত মানুহৰ মৃত্যু হব পাৰে ।
আন এজোপা গছৰ নাম টেক্সছ বেক্কটা বুলি জানিব পৰা গৈছে। এই গছ জোপা ইউৰোপ , এছিয়া আৰু আফ্ৰিকাত পোৱা যায়। এই গছজোপাৰ বীজৰ বাহিৰে সম্পূৰ্ণ গছ জোপাই বিষাক্ত। এই বিষ কাৰোবাৰ সংস্পৰ্শলৈ আহিলে মুহুৰ্ততে মৃত্যু হব পাৰে লোক জনৰ ।
আন এজোপা বিষাক্ত গছৰ নাম হ'ল মেঞ্ছিলিন । এই গছ জোপা ফ্ল'ৰিডা , কেৰিবিয়ান সাগৰৰ ওচৰে পোৱা যায়। এই গছ জোপাই ইতিমধ্যে পৃথিবীৰ সকলোতকৈ বিষাক্ত গছৰ বাবে গিনিজ বিশ্ব ৰেকৰ্ডত স্থান লাভ কৰিছে। দৰাচলতে এই গছজোপাৰ ফল বিষাক্ত। এই ফল খোৱাৰ ফলত হ'ব পাৰে মানুহৰ মৃত্যু।
অন্য খবৰৰ বাবে পঢ়ক: পিয়াজৰ আকাশচুম্বী দাম, দেশৰ একাংশ স্থানত দাম হৈছেগৈ প্ৰতি কিলোঁত ১৬৫ টকা
ভিডিঅ প্ৰতক্ষ্য কৰক : Singing Sensation Zubeen Garg participates in Cotton University’s ‘Ranahunkar’