Begin typing your search above and press return to search.

মটৰ পৰিবহন আইনঃ পথ দুৰ্ঘটনাৰ সংখ্যা সীমিত হ’ব বুলি আশা কৰিছে চিকিৎসকে

মটৰ পৰিবহন আইনঃ পথ দুৰ্ঘটনাৰ সংখ্যা সীমিত হ’ব বুলি আশা কৰিছে চিকিৎসকে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2019 8:24 AM GMT

উত্তৰ পূবৰ অসমত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ ২০১৮ চনত হোৱা ৮,২৪৮ টা দুৰ্ঘটনাত প্ৰায় ২,৯৬৬ জন লোকৰ মৃত্যু হয় ৷ ইয়াৰ বিপৰীতে আহত হয় ৭,৩৭৫ জন লোক । ইফালে ৰাজ্যত নতুনকৈ আৰম্ভ হোৱা মটৰ পৰিবহন আইনে চালক,চৰকাৰী আৰু ব্যক্তিগত চিকিৎসক সকলেও বিভিন্ন জৰিমনা পৰিশোধ কৰিব লগা হৈছে ।

লগতে আশা কৰা হৈছে যে নতুন যান বাহন আইনে ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিব । গুৱাহাটী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ এজন জেষ্ঠ্য চিকিৎসকে কয় যে প্ৰত্যেক দিনে প্ৰায় ১০ টা পথ দূৰ্ঘটনা কেছ আমি লাভ কৰোঁ। লগতে পূজা,বিহু,ফাকুঁৱাৰ দৰে উৎসৱত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায়।

ইফালে চালকসকলে সুচাৰূপে বাহন নচলোৱাৰ কাৰণেই দূৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায় ।ইফালে হেলমেট পৰিধান নকৰাৰ কাৰণেও অধিকাংশ যুৱক দুৰ্ঘটনাৰ সন্মুখীন হয় ৷ গতিকে চালক সকলে হেলমেট পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয়। চিকিৎসক সকলে লগতে কয় যে পূজা,বিহু আৰু হোলীত সুৰা পান কৰাৰ ফলতো দুৰ্ঘটনা সংঘটিত হয়।

গতিকে নতুন যান বাহন আইনে আহত আৰু নিহতসকলৰ সংখ্যা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ৷ অসম আৰক্ষীয়ে পথ দুৰ্ঘটনাৰ সন্দৰ্ভত হোৱা তথ্য সন্দৰ্ভত কয় যে ২০১৮ বৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যাৰ ক্ষেত্ৰত দেশে ১৬ তম স্থান লাভ কৰিছে ৷ এই তথ্যত উল্লেখ আছে যে ৰাজ্যত ১০০ টা দুৰ্ঘটনাত প্ৰায় ৩০ জন লোকৰ মৃত্যু হৈছে আৰু ৮৯ জন আহত লৈছে ৷

আনহাতে এই বৰ্ষত প্ৰত্যেকদিনে প্ৰায় আঠজন লোকৰ মৃত্যু হৈছে আৰু ২০ জন লোক আহত হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে ২০১৭ ৰ তুলনাত ২০১৮ চনৰ দুৰ্ঘটনাত ১৫ শতাংশ বৃদ্ধি হৈছে। ইফালে আৰক্ষীৰ এজন বিষয়াই কয় যে জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ সন্দৰ্ভত জাগৰণ আনিব লাগিব। গতিকে দুৰ্ঘটনা সন্দৰ্ভত জনসাধাৰণ,চালক সকলো সজাগ হ’লেহে পথ দুৰ্ঘটনাৰ সংখ্যা সীমিত হ’ব।

অন্য খবৰৰ বাবে পঢ়ক: এগৰাকী মহিলা আৰু এখন স্কুটীয়ে খলকনি তুলিছে ছ’চিয়েল মিডিয়াতঃ জানিবলৈ ভিডিঅ’ চাওক

ভিডিঅ প্ৰতক্ষ্য কৰক :Watch Video | Jatin Bora visits home town Nagaon for the promotions of ‘Ratnakar’

Next Story
চাকৰি