উলংঘা নকৰিব নতুন যান বাহন আইন: অন্যথা দিব লাগিব অধিক প্ৰিমিয়াম

উলংঘা নকৰিব নতুন যান বাহন আইন: অন্যথা দিব লাগিব অধিক প্ৰিমিয়াম
Published on

নতুন যান নিয়ম ২০১৯ ক বলৱৎ কৰাৰ পিছত সম্প্ৰতি সকলোৰে মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। কাৰণে আইনখনৰ কাৰণে বহুলোকে মোটা অংকৰ ধন জৰিমনা হিছাপে ভৰিব লগা হৈছে ৷ইয়াৰ মাজতে লাভ কৰা এক বিশেষ তথ্য অনুসৰি সম্প্ৰতি যদিহে আপুনি যান বাহন আইন উলংঘা কৰে বৃহৎ পৰিমাণে জৰিমনাই নহয়,বৃদ্ধি হ’ব পাৰে গাড়ীৰ বীমাৰ প্ৰিমিয়াম ।

চৰকাৰৰ পৰামৰ্শ মতে IRDAI(Insurance Regulatory and Development Authority of India) ৰ এখন কাৰ্যকৰী গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷যদি কোনোৱে যান বাহন নিয়ম উলংঘা কৰে তেন্তে তেওঁৰ বীমাৰ প্ৰিমিয়ামৰ লগত সংযোগ কৰিব সমস্ত জৰিমনা ৷বীমা কোম্পনীয়ে এনে ধৰণৰ এটা আঁচনি অচিৰেই আৰম্ভ কৰিব দিল্লীত।

উল্লেখ্য যে নতুন যান বাহন আইন ২০১৯ আৰম্ভ হোৱাৰ পিছৰে পৰা বিগত কেইদিনত যান বাহন আইন উলংঘা কৰি ৩৫০০০ টকা পৰ্যন্ত জৰিমনা ভৰা কথাটো সকলোৰে নিশ্চয় মনত আছে ৷কিন্তু শেহতীয়াকৈ ওৰিষ্যাৰ এজন ট্ৰাক চালকে যান বাহন আইন উলংঘা কৰি ভৰিব লগা হোৱা ধনৰ পৰিমাণে সকলোৰে মাজত চৰ্চা লাভ কৰিছে।

কাৰণ লোকজনে যান বাহন আইন উলংঘা কৰি জৰিমনা ভৰে ৮৬,৫০০ টকা । সম্প্ৰতি এই ধন দেশৰ সকলোতকৈ যান বাহনৰ ক্ষেত্ৰত লোৱা জৰিমনাৰ ৰাশি হিছাপে পৰিগণিত হৈছে। সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷ গতিকে সম্প্ৰতি আশোক যাদৱ নামৰ লোকজনে ভৰা যান বাহনৰ, জৰিমনাৰ এখন বিশেষ চালান সকলো ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

ইফালে আশোক যাদৱে জৰিমনা ভৰা এই বৃহৎ পৰিমাণৰ জৰিমনাৰ ভিতৰত আছে অন্য ব্যক্তিক গাড়ী চলাবলৈ দিয়া ৷ এই ক্ষেত্ৰত জৰিমনা হয় ৫০০০ টকা,লাইচেন্স নোহোৱাকৈ গাড়ী চলোৱাত ৫০০০ টকা জৰিমনা,১৮ টনৰ অধিক লোডিং কৰাত ৫৬০০০ টকা আদিকে ধৰি আন বহু বিষয়ত জৰিমনা বিহা হয়।

কিন্তু যান বাহন আৰক্ষীৰ লগত প্ৰায় পাঁচ ঘন্টা মত বিনিময় কৰাৰ পিছত আৰক্ষী শেষ সময়ত ৭০০০০ টকাতে মান্তি হয়। আনহাতে আৰক্ষীয়ে জৰিমনা বিহা ট্ৰাকখন আছিল নাগালেণ্ডৰ এটা কোম্পানী বিএলএ ইনফ্ৰাষ্টকচাৰ প্ৰাইভেট লিমিটেডৰ ।আংগুল জিলাৰ পৰা ছত্তিছগড়লৈ যোৱা এই ট্ৰাকখনে জেচিবি কঢ়িয়াই লৈ ফুৰিছিল ৷ উল্লেখ্য যে উৰিষ্যাই নতুন যান বাহন আইন ২০১৯ বলৱৎ হোৱাৰ প্ৰথম চাৰি দিনৰ ভিতৰতে ৮৮ লাখ টকা জৰিমনা হিছাপে সংগ্ৰহ কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Renovation work carried out at ancient Jame Masjid Minaret in Nagaon

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com