ৰাজ্যসভাত গৃহীত হ'ল " যান-বাহন সংশোধনি আইন ২০১৯ "

ৰাজ্যসভাত গৃহীত হ'ল " যান-বাহন সংশোধনি আইন ২০১৯ "

বুধবাৰে ৰাজ্যসভাত গৃহীত হ'ল " যান-বাহন সংশোধনি আইন ২০১৯ " । এই আইন খনৰ সপক্ষে ১০৮ ভোটদান আৰু ১৩ টা বিপক্ষে ভোট দিয়ে। বিধেয়ক খন গৃহীত হোৱাৰ পাছত দেশৰ ট্ৰাফিক নিয়ম যথেষ্ট সলনি হব ।দেশত যিহেতু যান-জটে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। জনসাধাৰনে যান বাহন আইন উলংঘা কৰি যান বাহন চলোৱা পৰিলক্ষিত হয় । কিন্তু এতিয়াৰে পৰা তেনে কৰিব নোৱাৰিব ।

মংগলবাৰে লোকসভাত বিলখন গৃহীত হয় । কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে লোকসভাত দাখিল কৰিছিল এই বিধেয়কখন। ১৯৮৮ চনৰ যান–বাহন আইনৰ সংশোধনেৰে প্ৰস্তুত কৰা হৈছে এই নতুন আইন। এতিয়াৰে পৰা যান–বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব পূৰ্বতকৈ ৫ গুণ অধিক জৰিমনা। দেশত যান–বাহন আইন উলংঘাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিধেয়কখন উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।যান-বাহন আইন উলংঘা কৰিলেই আপুনি ভৰিব লাগিব জৰিমনা।

যান-বাহন সংশোধনি বিধেয়ক ২০১৯ আইনৰ প্ৰধান নিয়ম সমূহ হৈছে-

ট্ৰেফিক নীতি ভংগ কৰিলে ভৰিব লাগিব জৰিমনা । কিশোৰে গাড়ী চলোৱা , মদ্যপান কৰি গাড়ী চলোৱা, অনুজ্ঞা পত্ৰ নাথাকিলে , দ্ৰুত গতিত গাড়ী অথবা বাইক চলালে , ষ্টান কৰি চলালে জৰিমনা ভৰিব লাগিব গ্ৰাহকে । হেলমেত পৰিধান নকৰি বাইক চলালেও জৰিমনা ভৰিব লাগিব । আইন খনৰ মতে ১০ শতাংশ বৃদ্ধি হব নীতি উলংঘা কৰিলে আৰু প্ৰত্যেক বছৰে বাঢ়ি যাব ।

এই নতুন আইন খনৰ মতে সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা।জৰুৰীকালীন সেৱাৰ গাড়ীক বাট এৰি নিদিলে ১০ হাজাৰ টকা। ম’বাইলত কথা পাতি গাড়ী চলালে ৫০০০ টকা ভৰিব লাগিব জৰিমনা । হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১০০০ টকা ভৰিব লাগিব জৰিমনা। লাইচেঞ্চ অবিহনে গাড়ী চলালে ৫০০০ টকা ভৰিব লাগিব জৰিমনা ।দ্ৰুতগতিত গাড়ী চলালে ৫০০০ টকা ভৰিব লাগিব জৰিমনা । ছিট বেল্ট নলগালে ১০০০ টকা ভৰিব লাগিব জৰিমনা। গাড়ীৰ পাৰ্মিট নাথাকিলে ১০ হাজাৰ টকা ভৰিব লাগিব জৰিমনা ।অভাৰলোডিঙত ২০ হাজাৰ টকা, অতিৰিক্ত প্ৰতি টনত ২ হাজাৰ ভৰিব লাগিব জৰিমনা। দুচকীয়া বাহনত অভাৰলোডিঙত ২০০০ টকা ভৰিব লাগিব জৰিমনা ।গাড়ীৰ বীমা নাথাকিলে ২০০০ টকা ভৰিব লাগিব জৰিমনা। ৰেচ ড্ৰাইভিং কৰিলে ৫০০০ টকা ভৰিব লাগিব জৰিমনা ।নাবালকে গাড়ী চলালে ২৫ হাজাৰ টকা, ৩ বছৰ জে’৸ল । যোগ্যতা অবিহনে গাড়ী চলালে ১০ হাজাৰ টকা ভৰিব লাগিব জৰিমনা।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com