Begin typing your search above and press return to search.

ৰাজ্য সভাত গৃহীত হ'ল তিনি তালাক বিধেয়ক

ৰাজ্য সভাত গৃহীত হল তিনি তালাক বিধেয়ক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2019 6:31 AM GMT

মংগলবাৰে ৰাজ্য সভাত গৃহীত হ'ল বহু বিতৰ্কিত বিধেয়কৰ তিনি তালাক । তিনি তালাক বিধেয়কক লৈ বহুতো বিতৰ্ক হোৱা পৰিলক্ষিত হৈছিল । অৱশেষত কেইবা শতক ধৰি চলি থকা তিন তালাক প্ৰথাৰ অন্ত। সদনত বহু বিতৰ্কৰ পাছত উচ্চ সদনত গৃহীত হয় বিধেয়কখন। এই বিধেয়কখনৰ সাপেক্ষে ৯৯ টা ভোটৰ বিপৰীতে বিধেয়কৰ বিৰুদ্ধে ৮৪টা ভোটদান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ খনৰ বৃহৎ জয় তিনি তালাক বিধেয়ক।

এই অপৰাধৰ অভিযুক্তক ৩ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদানৰ লগতে পত্নীয়ে লাভ কৰিব সম্পূৰ্ণ ভৰণ–পোষণ। ইতিমধ্যে লোকসভাত গৃহীত হৈছে তিন তালাক বিধেয়ক।মুছলিম লোকসকলৰ মাজত তিনি তালাক আৰু দোষী স্বামীসকলক তিনিবছৰ শাস্তি দিয়াৰ সন্দৰ্ভত বিতৰ্কিত বিধেয়কখন লোকসভাত মৌখিক ভোটত গৃহীত কৰা হয় ৷উল্লেখ্য যে তিনি তালাক বিধেয়ক খনক লৈ শাসক বিৰোধীৰ মাজত তৰ্ক বিতৰ্ক চলি আছিল যদিও বহু বিতৰ্কিত বিধেয়কখন গৃহীত কৰে।লোকসভাত বিধেয়কখনৰ সপক্ষে ৩০২ জন আৰু বিপক্ষে ৭৮ জন সাংসদে ভোট দিছিল৷তিনি তালাক দিলে স্বামীক তিনিবছৰ পৰ্যন্ত কাৰাদণ্ডৰ বিধান বিধেয়কখনত অন্তৰ্ভূক্ত কৰা হৈছে ৷তিনি তালাক বিধেয়ক নামেৰে জনাজাত ২০১৯ চনৰ মুছলিম মহিলা বিধেয়কখনৰ বিষয়ে লোকসভাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

উল্লেখ্য যে, লোকসভাত তিনি তালাক বিধেয়ক উত্থাপন হোৱাত ইয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে। ডিএমকেয়েও লোকসভাত বিৰোধিতা কৰিছিল তিনি তালাক বিধেয়কৰ। বিহাৰৰ NDA সহযোগী দল জেডিইউৱে অৱশ্যে বিধেয়কখনক লৈ ভোট প্ৰদানৰ পৰা বিৰত থাকে। কিন্তু তাৰ পিছতো লোকসভাত বিধেয়কখন অতি সহজেই গৃহীত কৰাত সফল হয় মোদী চৰকাৰ।

লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছত কেন্দ্ৰীয় আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কৈছিল, ইয়াৰ জৰিয়তে নাৰী পুৰুষৰ সমতা স্থাপন হ’ব ৷তেওঁৰ মতে পাকিস্তান, মালয়েছিয়াসহ বিশ্বৰ কুৰিখন দেশে যদি তালাক নিষিদ্ধ কৰিব পাৰে তেন্তে আমি নোৱাৰো কিয়? ইফালে বিধেয়কখন লৈ চলা বিতৰ্কৰ মাজতে সদন ত্যাগ কৰিছিল নীতিশ কুমাৰৰ জনতা দলৰ সাংসদ সকলে ৷বিধেয়কখন লৈ চলা বিতৰ্ককালত কেন্দ্ৰীয় আইনমন্ত্ৰীগৰাকীয়ে কয় লিংগ সমতা আৰু ন্যায় বিছাৰৰ স্বাৰ্থতে বিধেয়কখন গৃহীত কৰাৰ প্ৰয়োজন ৷

আনহাতে তিনি তালাক বিধেয়কখনৰ মতে পত্নীক দিয়া তিনি তালাকৰ জৰিয়তে বিবাহ বিচ্ছেদ কৰা ব্যক্তি এগৰাকীয়ে তিনি বছৰলৈ কাৰাদণ্ড খাটিবলগা হ’ব পাৰে ৷ডিএমকেয়েও লোকসভাত বিৰোধিতা কৰিছিল তিনি তালাক বিধেয়কৰ। বিহাৰৰ NDA সহযোগী দল জেডিইউৱে অৱশ্যে বিধেয়কখনক লৈ ভোট প্ৰদানৰ পৰা বিৰত থাকে।

অধিক খবৰৰ বাবে পঢ়ক: লোকসভাত গৃহীত হ’ল তিনি তালাক বিধেয়ক: প্ৰতিবাদ বিৰোধীৰ

Next Story
চাকৰি