সাভাৰকৰৰ পুথি ৰখা বাবে মধ্য প্ৰদেশৰ এখন বিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰাৰ ঘ্টনা

সাভাৰকৰৰ  পুথি  ৰখা বাবে মধ্য প্ৰদেশৰ এখন বিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰাৰ ঘ্টনা
Published on

মধ্য প্ৰদেশ: মধ্য প্ৰদেশৰ ৰতলাম জিলাৰ মালৱাস। নামৰ ঠাইৰ এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষক হিন্দুত্ববাদী নেতা বীৰ সাভ।ৰকৰৰ সম্পৰ্কীয় পুথি বিতৰণ কৰাৰ বাবে মধ্য প্ৰদেশৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে নিলম্বন কৰে।এটা বিশেষ সংস্থাই প্ৰয়াত হিন্দুত্ববাদী নেতাজনৰ জীৱনী সম্পৰ্কীয় পুথি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিছিল। এই ঘটনাৰ দুমাহ পিছত বিদ্যালয়খনৰ অধ্যক্ষ আৰ এন কিৰৱাটক নিলম্বন কৰা হয় যোৱা মঙ্গলবাৰে। এই সম্পৰ্কত জিলাখনৰ জিলা খনৰ শিক্ষা বিষয়া কে চি শৰ্মাই কয় যে এক বিশেষ তদন্তৰ ৰিপোৰ্ট অনুযায়ী অধ্যক্ষগৰাকীক উপায়ুক্ত ই নিলম্বন কৰিছে। তেওঁ লগতে যি সংস্থাই বিদ্যালয় খনত পুথি বিতৰণ কৰিছিল সেই সংস্থাৰ নাম উল্লেখ কৰি কয় যে সংস্থাটোৰ নাম হল বীৰ সাভ।ৰকৰ মঞ্চ।

বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি আৰু মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। টুইটাৰ যোগে বিজেপিৰ নেতাগৰাকীয়ে এই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় যে"মই অধ্যক্ষগৰাকী নিলম্বন কৰা বাতৰি

শুনি আচৰিত হৈছোঁ।অধ্যক্ষ গৰাকী এগৰাকী ৰাষ্ট্ৰপতি বঁটা প্ৰাপ্ত শিক্ষক হোৱাৰ লগতে তেওঁৰ অধ্যক্ষ কালত বিদ্যালয়খনত পৰীক্ষাৰ ফলাফলো ভাল আছিল।কংগ্ৰেছ নেতৃত্ব।ধীন ৰাজ্য চৰকাৰে লোৱা এনে পদক্ষেপ অতি দুখজনক আৰু গৰিহণামূলক।তেওঁক পুনৰ নিজ পদবীত নিযুক্তি দিয়াৰ লগতে মই এনে সংকীৰ্ণ ৰাজনীতিক গৰিহণা দিছোঁ।"মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অন্য এক টুইট কৰে। যি টুইটত তেওঁ উল্লেখ কৰে যে " কমল নাথ ডাঙৰীয়া আপুনি কংগ্রেছী চিন্তাধাৰাৰে বীৰ সাভ।ৰকৰৰ দৰে মহান নেতাক নিজ দেশতে অপমান কৰিলে। আপোনাৰ পদক্ষেপত আজি ৰাজ্যবাসী লজ্জিত।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com