Begin typing your search above and press return to search.

জম্বু-কাশ্মীৰত ক্ৰিকেট একাডেমি খোলাৰ পৰিকল্পনা এম এচ ধোনিৰ

জম্বু-কাশ্মীৰত ক্ৰিকেট একাডেমি খোলাৰ পৰিকল্পনা এম এচ ধোনিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2019 11:32 AM GMT

নৱ প্ৰজন্মক প্ৰশিক্ষণৰ লক্ষ্যৰে জম্বু-কাশ্মীৰত ক্ৰিকেট একাডেমি খোলাৰ পৰিকল্পনা কৰিছে এম এচ ধোনিয়ে। বিনামূলীয়াকৈ জম্বু -কাশ্মীৰৰ নৱ প্ৰজন্মক ক্ৰিকেটৰ প্ৰশিক্ষণ দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট টিমৰ প্ৰাক্তন অধিনায়ক এম এচ ধোনিয়ে । এই সম্পৰ্কে ক্ৰীড়া মন্ত্ৰীৰ লগত আলোচনা কৰিব বুলি প্ৰকাশ কৰে ধোনিয়ে । বৰ্তমান এম এচ ধোনিক দক্ষিণ কাশ্মীৰৰ ১০৬ পেৰা বেটেলিয়ানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।

ৰিপোৰ্টৰ মতে, জম্বু-কাশ্মীৰত ক্ৰিকেটৰ একাডেমি খোলাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিব ক্ৰিয়া মন্ত্ৰীক । বৰ্তমান জম্বু-কাশ্মীৰত ৩৭০ প্ৰত্যাহাৰক লৈ এক অপ্ৰীতিকৰ পৰিবেশে বিৰাজ কৰি আছে ।বৰ্তমান ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লোৱাত ব্যস্ত ধোনী।ভাৰতীয় দলৰ তাৰকা খেলুৱৈগৰাকীয়ে ৩১ জুলাই তাৰিখে শ্ৰীনগৰত ১০৩ নং টেৰিটৰিয়েল আৰ্মি বেটেলিয়ানত যোগ দিছিল ধোনীয়ে। এতিয়া ১৫ আগষ্ট লৈকে ধোনী কাশ্মীৰতে থাকিব।স্বাধীনতা দিৱসৰ দিনা ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈগৰাকীয়ে পতাকা উত্তোলন কৰিব লাডাখত। উল্লেখ যোগ্য যে ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। সদ্য ঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত প্ৰথমবাৰৰ কাৰণে স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ সুযোগ লাভ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে।

ভাৰতীয় সেনা টেৰিটোৰিয়েল্ আৰ্মী ৰেজিমেন্টত কাশ্মীৰৰ সেনাত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ১৫ আগষ্টলৈকে প্ৰশিক্ষণ দিয়া হব এম এচ ধোনিক ।

এম এচ ধোনিয়ে বুধবাৰে বেংগলুৰুৰ মুখ্য কাৰ্য্যালয়ত বেটেলিয়ানত যোগদান কৰে। ৩১ জুলাই তাৰিখে কাশ্মীৰৰ তেনাত টেৰিটৰিয়েল আৰ্মীৰ ১০৬ নং পেৰাস্যুত বেটেলিয়ানৰ সৈতে জড়িত হয় মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে বেটেলিয়ানৰ হৈ সেৱা আগবঢ়োৱা পিছত গাৰ্ড, প’ষ্ট ডিউটি, পেট্ৰলিংৰ দৰে ডিউটি কৰিব আৰু সেনাৰ সৈতে কিছুদিন থাকিব। ধোনীয়ে ইয়াৰ আগতেও জম্মু–কাশ্মীৰলৈ গৈছিল। ২০১৭ চনত ধোনীয়ে জম্মু–কাশ্মীৰৰ বাৰামূলালৈ গৈছিল।য’ত ধোনীয়ে আৰ্মীৰ দ্বাৰা আয়োজিত ক্ৰিকেট মেচত অতিথি হিচাপে উপস্থিত আছিল। ধোনীয়ে সেই মেচখনত আৰ্মীৰ পোছাক পৰিধান কৰা দেখা গৈছিল। দেশৰ হৈ ক্ৰিকেট খেলাৰ পিছত এতিয়া ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব ধোনিয়ে । ইতিমধ্যে ভাৰতীয় সামৰিক সেৱাইয়ো অনুমতি প্ৰদান কৰিছে ধোনীক।

অধিক খবৰৰ বাবে পঢ়ক: ১৫ আগষ্টলৈকে কাশ্মীৰৰ সেনাৰ লগত থাকিব এম এচ ধোনিয়ে: আৰম্ভ সৈনিক জীৱন

ভিডিঅ প্ৰতক্ষ্য কৰক: Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Next Story
চাকৰি