Begin typing your search above and press return to search.

১৫ আগষ্টলৈকে কাশ্মীৰৰ সেনাৰ লগত থাকিব এম এচ ধোনিয়ে: আৰম্ভ সৈনিক জীৱন

১৫ আগষ্টলৈকে কাশ্মীৰৰ সেনাৰ লগত থাকিব এম এচ ধোনিয়ে: আৰম্ভ সৈনিক জীৱন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2019 11:44 AM GMT

প্ৰাক্তন ইণ্ডিয়ান ক্ৰিকেট টিমৰ অধিনায়ক এম এচ ধোনিয়ে ভাৰতীয় সেনাত যোগদান কৰাৰ পিছত ধোনিৰ আজিৰ পৰা আৰম্ভ হয় সৈনিকৰ জীৱন । প্ৰাক্তন অধিনায়ক গৰাকীয়ে ভাৰতীয় সেনাত যোগদান কৰাৰ পিছত অনুৰাগী সকলৰ মাজত চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে , ভাৰতীয় সেনা টেৰিটোৰিয়েল্ আৰ্মী ৰেজিমেন্টত কাশ্মীৰৰ সেনাত প্ৰশিক্ষণ গ্ৰহণ কৰিব । ১৫ আগষ্টলৈকে প্ৰশিক্ষণ দিয়া হব এম এচ ধোনিক । আৰ্মী বিষয়ায়ে প্ৰকাশ কৰা মতে , আজিৰ পৰা এম এচ ধোনিয়ে ১৫ দিনলৈকে ১০৬ পেৰা টেৰিটোৰিয়েল্ শাখাত থাকিব ।

ধোনীয়ে যোগদান কৰা বেটেলিয়নত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০০ সৈনিক আছে, য’ত আছে গোৰ্খা, শিখ, ৰাজপুতৰ দৰে সকলো ৰেজিমেণ্টৰ সৈনিক। এম এচ ধোনিক হনৰৰি ৰেংক লেফনেন্ট কলনেলত টেৰিটোৰিয়েল্ আৰ্মীত নিযুক্তি কৰা হৈছে ।

এম এচ ধোনিয়ে বুধবাৰে বেংগলুৰুৰ মুখ্য কাৰ্য্যালয়ত বেটেলিয়ানত যোগদান কৰে। ৩১ জুলাই তাৰিখে কাশ্মীৰৰ তেনাত টেৰিটৰিয়েল আৰ্মীৰ ১০৬ নং পেৰাস্যুত বেটেলিয়ানৰ সৈতে জড়িত হয় মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে বেটেলিয়ানৰ হৈ সেৱা আগবঢ়োৱা পিছত গাৰ্ড, প’ষ্ট ডিউটি, পেট্ৰলিংৰ দৰে ডিউটি কৰিব আৰু সেনাৰ সৈতে কিছুদিন থাকিব। ধোনীয়ে ইয়াৰ আগতেও জম্মু–কাশ্মীৰলৈ গৈছিল। ২০১৭ চনত ধোনীয়ে জম্মু–কাশ্মীৰৰ বাৰামূলালৈ গৈছিল।য’ত ধোনীয়ে আৰ্মীৰ দ্বাৰা আয়োজিত ক্ৰিকেট মেচত অতিথি হিচাপে উপস্থিত আছিল। ধোনীয়ে সেই মেচখনত আৰ্মীৰ পোছাক পৰিধান কৰা দেখা গৈছিল। দেশৰ হৈ ক্ৰিকেট খেলাৰ পিছত এতিয়া ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব ধোনিয়ে । ইতিমধ্যে ভাৰতীয় সামৰিক সেৱাইয়ো অনুমতি প্ৰদান কৰিছে ধোনীক।

ভাৰতীয় স্থল সেনাৰ মুৰব্বী বিপিন ৰাৱটে ধোনীয়ে ল’ব লগীয়া প্ৰশিক্ষণত চুড়ান্ত মোহৰ মাৰে। কিছুদিন ধোনীয়ে ভাৰতীয় সেনাৰ পেৰাছ্যুট ৰেজিমেণ্ট বেটেলিয়ানৰ সৈতে প্ৰশিক্ষণ ল’ব। কিন্তু বৰ্তমানলৈকে ভাৰতীয় আৰ্মীয়ে ধোনীক সক্ৰিয় অপাৰেচনত ভাগ লোৱাৰ অনুমতি প্ৰদান কৰা নাই। সূত্ৰয়ে প্ৰকাশ কৰা মতে , এম এচ ধোনিয়ে পেট্ৰলিং, গাৰ্ড আৰু ১৫ দিনৰ ডিউটি কৰিব ধোনিয়ে ।

ধোনিয়ে অবসৰ গ্ৰহণ কৰাৰ পিছত অনুৰাগী সকলৰ পাছত প্ৰশ্ন উত্থাপন কৰিছিল যে এম এচ ধোনিয়ে পৰবৰ্তী সময়ত কি কৰিব । যেতিয়া ধোনিয়ে ভাৰতীয় সেনাত যোগদান কৰিব বুলি প্ৰকাশ কৰাৰ পাছতে তেওঁৰ অনুৰাগী সকলৰ মাজত ধোনিৰ প্ৰতি অধিক সন্মান বঢ়াৰ লগতে উৎফুল্লিত হৈ পৰে । ৩১ জুলাইত কাশ্মীৰত যোগদান কৰিব ধোনিয়ে । ভাৰতীয় সেনায়ে প্ৰকাশ কৰা মতে , ধোনিয়ে কাশ্মীৰত সেনা সকলৰ লগত ১৫ আগষ্টলৈকে থাকিব ।

অধিক খবৰৰ বাবে পঢ়ক: ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব এম এচ ধোনিয়ে : প্ৰশিক্ষণৰ পাছত কাশ্মীৰত পষ্টিং ধোনিৰ

Next Story
চাকৰি