একেখন মহাবিদ্যালয়তে শিক্ষা গ্ৰহণ মুম্বাইৰ পিতৃ আৰু কন্যাৰ

একেখন মহাবিদ্যালয়তে শিক্ষা গ্ৰহণ মুম্বাইৰ পিতৃ আৰু কন্যাৰ

একেখন মহাবিদ্যালয়তে শিক্ষা গ্ৰহণ মুম্বাইৰ পিতৃ আৰু কন্যা । কন্যাতকৈ নিম্ন শ্ৰেণীত অধ্যয়ন কৰে পিতৃয়ে। এক পষ্টৰ যোগেদি প্ৰকাশ কৰিছে হিউমেন অব বম্বে। এই পষ্টটো ৭ আগষ্টত কন্যায়ে চেয়াৰ কৰিছিল । কন্যায়ে প্ৰকাশ কৰিছিল যে পিতৃয়ে তেওঁৰ পঢ়াৰ বয়সত আৰ্থিক অভাৱৰ কাৰণে আইন বিষয়ত অধ্যয়ন আধাতে সামৰিব লগীয়া হৈছিল । শিক্ষাৰ বাবে আৰ্থিক খৰচ বহন কৰিবলৈ সক্ষম নাছিল ।জীৱনত সংগ্ৰামৰ বাবে তেওঁ ঠাইত চাকৰি কৰিব লগা হৈছিল ।

যেতিয়া কন্যায়ে আইন বিষয়ত অধ্যয়ন কৰিছিল , তেতিয়া তেওঁ লক্ষ্য কৰে যে পিতৃ গৰাকী এই বিষয়টোত যথেষ্ট আগ্ৰহী আছিল । পিতৃয়ে তেওঁলোকৰ বিষয়, শ্ৰেনীকোঠা তথা অন্যান্য বিষয় সমুহৰ কথা প্ৰায়ে সুধিছিল বুলি প্ৰকাশ কৰে যুবতী গৰাকীয়ে ।

তেতিয়া কন্যায়ে পিতৃক পুনৰ আইন শিক্ষা গ্ৰহণ কৰিবলৈ মহাবিদ্যালয়ত নাম ভৰ্তি কৰি দিয়ে । এই পষ্টটো সকলোৰে বাবে অনুপ্ৰেৰণা কাৰন হৈ পৰিছে । এই পষ্টটোত ২২,০০০ অধিক লোকে লাইক কৰে আৰু ১,১০০ চেয়াৰ কৰিছে ।

শিকাৰ ইচ্ছা থাকিলে বয়স বা আন সমস্যা কেতিয়াও হেঙাৰ হব নোৱাৰে । এই কথায়ে পুনৰ বাৰ প্ৰকাশ কৰিলে । একেখন কলেজতে পিতৃ আৰু কন্যায়ে অধ্যয়ন কৰাটোৱে বৰ্তমান সকলোকে অনুপ্ৰাণিত কৰিছে ।শেষত তেওঁ সপোন পূৰণ কৰিবলৈ সক্ষম হয় পিতৃ। পুনৰ প্ৰমাণ কৰি দিলে যে , সপোনৰ কোনো সীমা নাথাকে , যেতিয়া জীৱনত কৰিম বুলি মন বান্ধি লোৱা হয় , তেতিয়া কৰিব পাৰি ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Bodo organizations stage protest in demand of separate Bodoland

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com