আশ্চৰ্য্যঃ ২ টা বইল কণীত ১৭০০ টকা:মুম্বাইৰ হোটেলৰ বিলে কপাঁইছে ছ’চিয়েল মিডিয়া

আশ্চৰ্য্যঃ ২ টা বইল কণীত ১৭০০ টকা:মুম্বাইৰ হোটেলৰ বিলে কপাঁইছে ছ’চিয়েল মিডিয়া

২ টা বইল কণীত ১৭০০ টকা৷ মুম্বাইৰ হোটেলৰ বিলে কপাঁইছে ছ’চিয়েল মিডিয়া ৷ যদি আপুনি বলীউডৰ অভিনেতা ৰাহুল বোসৰ পৰা দুটা কলৰ কাৰণে JW Marriote য়ে ৪৪২ টকা লোৱাটো বিষয়টোত আশ্চৰ্য্য প্ৰকাশ কৰিছিল ৷তেন্তে পুনৰ, আৰু অধিক আশ্চৰ্য হ’বলৈ সাজু হওঁক আপুনি ৷কাৰণ এইখন দেশতে আকৌ সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা ৷ মুম্বাইৰ এখন নামী দামী হোটেলত ২ টা বইল কৰা কণীৰ মূল্যই আপোনাৰ চকু কপালত উঠাব ৷ কাৰণ কণীৰ মূল্য শতকৰ ঘৰ অতিক্ৰম কৰি পালেগৈ হাজাৰৰ ঘৰ ৷ অৰ্থাৎ ১,৭০০ টকা ৷

অভিনেতা ৰাহুল বোসৰ পিছত কাৰ্তিক ধৰ নামৰ এগৰাকী ব্যক্তিয়ে মুম্বাইৰ এখন ৰেষ্টুৰেন্টৰ মেন্যুখন টুইটাৰ যোগে ৰাহুলক উদ্দেশ্য কৰি লিখিছে যে "দাদা আন্দোলন কৰিম নেকি?" উল্লেখ্য যে JW Mareiott য়ে ৰাহুল বোসৰ পৰা দুটা কলত ৪৪২ টকা লোৱা ঘটনাটো ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছিল জনসাধাৰণৰ মাজত ৷ আৰু ইয়াৰ কাৰণে JW Maeeiott ৰ কৰ্তৃপক্ষই ২৫ হাজাৰ টকা জৰিমনা ভৰিব লগা হৈছিল ৷ এই জৰিমনা বিহিছিল আবকাৰী আৰু কৰ বিভাগে ৷

কাৰণ হোটেল খনে দুটা কলৰ মূল্য লৈছিল ৪৪২.৫০ টকা য’ত ৯ শতাংশ আছিল জি এচ টি ৷ ইফালে চণ্ডীগড় প্ৰশাসনে হোটেলখনক জি এছ টি ধাৰা ১১ উলংঘন কৰাৰ কাৰণে দোষী সাব্যস্ত কৰে ।ইফালে সম্প্ৰতি কলৰ পিছত ২ টা বইল কণীৰ এই আকাশ লংঘী মূল্যৰ বিৰুদ্ধে বিভিন্ন প্ৰতি ক্ৰিয়াৰ সৃষ্টি হৈছে ৷কিছু সংখ্যক লোকে কণীৰ লগত ধন সোনো ওলাব নেকি বুলিও প্ৰশ্ন কৰিছে ৷ পিছে বইল কৰা এটা কণীত ১৭০০ লোৱা হোটেল খনৰ বিৰুদ্ধে বিভাগীয় কৰ্তপক্ষই কি পদক্ষেপ লয় সেয়া হ’ব লক্ষ্যনীয় ৷

ভিডিঅ প্ৰতক্ষ্য কৰক :Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com