Begin typing your search above and press return to search.

নাগালেণ্ডত মহিলা আৰক্ষীয়ে দেখুৱালে নাৰী শক্তিৰ প্ৰমাণ

নাগালেণ্ডত মহিলা আৰক্ষীয়ে দেখুৱালে নাৰী শক্তিৰ প্ৰমাণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2019 11:25 AM GMT

নাগালেণ্ডত মহিলা আৰক্ষীয়ে দেখুৱালে নাৰী শক্তিৰ প্ৰমাণ ৷ আমাৰ সমাজত সাম্প্ৰতিক সময়ৰ নাৰী পুৰুষতকৈ কোনো গুনে কম নহয় ৷ নাৰী শক্তিয়ে আমাৰ সমাজত কেনে ধৰণে প্ৰভাৱ পেলাইছে সেয়া সম্প্ৰতি এক উল্লেখ্য বিষয় ৷ সমাজ তথা দেশৰ প্ৰগতিত নাৰী শক্তিৰ ভূমিকা নুই কৰিব নোৱাৰি ৷আজিৰ নাৰী সকলো ক্ষেত্ৰতে আগবঢ়া ৷ আজিৰ নাৰীয়ে ঘৰ সংসাৰত সুন্দৰকৈ চলোৱাৰ সমপৰিমাণে দেশ সুন্দৰকৈ চলাব পাৰে।

শেহতীয়াকৈ নাগালেণ্ডৰ মহিলা বেটেলিয়নৰ আৰক্ষীৰ এটি দলৰ এটি ভিডিঅ’ই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ভিডিঅ’টিত বোকাত পোত খাই যোৱা এখন মহিন্দা বলেৰো বাহনক কিছু সংখ্যক মহিলা আৰক্ষীয়ে উদ্ধাৰ কৰা দেখা গৈছে ৷ ইফালে এই ভিডিঅ’টি ২৭ আগষ্ট’ত শ্বেয়াৰ কৰিছিল নাগালেণ্ডৰ বিধায়ক ম’মহুনলুম’ কিকনে ৷

[embed]https://twitter.com/i/status/1166195782514442241[/embed]

লগতে ভিডিঅ"টি টেগ কৰিছে আনন্দ মহিন্দা আৰু কিৰেণ ৰিজিজুক ৷ আনহাতে কিৰেণ ৰিজুজু আৰু আনন্দ মহিন্দাও এই ভিডিঅ’টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলাসকলক প্ৰেৰণা দিছে ৷ উল্লেখ্য যে সম্প্ৰতি এই ভিডিঅ’টি প্ৰায় ২.১ লাখ মানুহে প্ৰত্যক্ষ কৰিছে ৷লগতে ১৬০০০ লাইক আৰু ৪৫০০ বাৰ ৰি টুইট কৰিছে ৷

আনহাতে সম্প্ৰতি আমাৰ দেশৰ নাৰী শক্তি কোনো গুনে কম নহয় ৷ প্ৰযুক্তি বিদ্যাৰ পৰা আৰম্ভ কৰি প্ৰত্যেক ক্ষেত্ৰতে নাৰীয়ে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছে। ঘৰৰ পৰা আৰম্ভ কৰি মহাকাশ অভিযানলৈকে সকলোতে নাৰীৰ দৌৰাত্ম্য ৷ইফালে ক্ৰিয়া,ছবি জগতত নাৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ ৷ক্ৰিয়া জগতত হিমা দাস,পি ভি সিন্ধু, অংকুশিতা বড়োকে আদিৰ লগতে অন্যান্য বহু জনৰ ভূমিকা গুৰুত্ব পূৰ্ণ ৷

ছবিজগতত ৰীমা দাসৰ নাম আজিৰ প্ৰত্যেক ঘৰৰ মানুহৰ মাজত জনপ্ৰিয় ৷ কাৰণ অসমীয়া ছবিক ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় মাধ্যমলৈ নি ৰীমা দাসে যি সাফল্য দেখুৱালে সেয়া যথেষ্ট উল্লেখ্য ।

অন্য খবৰৰ বাবে পঢ়ক: কাৰো হৃদয়ত আঘাত নিদিয়ে এইজন দৰাই:গতিকে বিয়া পাতিলে দুগৰাকী প্ৰেমিকাক

ভিডিঅ প্ৰতক্ষ্য কৰক:In a tragic incident, two labourer electrocuted in Lumding on Monday evening.

Next Story
চাকৰি