Begin typing your search above and press return to search.

এক ব্যতিক্ৰমী প্ৰয়াস : প্লাষ্টিক নিৰ্মূলকৰণৰ বাবে নাহৰকটীয়া আৰক্ষীৰ প্ৰচেষ্টা

এক ব্যতিক্ৰমী প্ৰয়াস : প্লাষ্টিক নিৰ্মূলকৰণৰ বাবে নাহৰকটীয়া আৰক্ষীৰ প্ৰচেষ্টা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2019 11:11 AM GMT

এক ব্যতিক্ৰমী প্ৰয়াস : প্লাষ্টিক নিৰ্মূলকৰণৰ বাবে নাহৰকটীয়া আৰক্ষীৰ প্ৰচেষ্টা ।আজি ২ অক্টোবৰ। আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম তিথি । ২ অক্টোবৰৰ লগত সংগতি ৰাখিয়েই সমগ্ৰ দেশতে আজি পালন কৰা হয় গান্ধী জয়ন্তী ।

সমগ্ৰ দেশৰ লগতে অসম ৰাজ্যতো উদযাপন কৰা হয় গান্ধী জয়ন্তী ।গান্ধী জয়ন্তীৰ ওপৰত সংগতি ৰাখিয়েই আজি ২ অক্টোবৰ তাৰিখে নাহৰকটীয়া আৰক্ষী থানাটো পালন কৰা হয় গান্ধী জয়ন্তী ।জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে নাহৰকটীয়া আৰক্ষীয়ে ৰূপায়ন কৰে চাফাই অভিযান কাৰ্যসূচী।

আজি নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত আৰু গাওৰক্ষী বাহিনী তথা দুৰ্গাপূজা কমিটিৰ সহযোগত নাহৰকটীয়া আৰক্ষী থানাৰ চৌহদৰ পৰা চাফাই অভিযান কাৰ্যসূচী গঢ়ি তোলা হয় । এই চাফাই অভিযান কাৰ্যসূচী নাহৰকটীয়া আৰক্ষী থানাৰ পৰা স্বচ্ছ অভিযান চলাই হাতে হাতে ঝাড়ু লৈ পথৰ আৱৰ্জনা ছাফা কৰি টাউন কমিটিৰ চৌহদলৈকে এক প্লাষ্টিক নিৰ্মূল আৰু স্বচ্ছতাৰ ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে ।

ৰেলী কাৰ্যসূচীৰ লগতে প্লাষ্টিকৰ বেগৰ সলনি কাপোৰ আৰু কাগজেৰে নিৰ্মিত বেগ বিভিন্ন দোকানৰ লগতে বিভিন্ন জন ব্যক্তিক প্ৰদান কৰে । এই অনুষ্ঠানত নাহৰকটীয়া জুনিয়ৰ কলেজৰ নতুনকৈ গঠন হোৱা স্বেচ্ছাসেৱী সংগঠনেও অংশগ্ৰহণ কৰে।

ইয়াৰোপৰি নাহৰকটীয়া আৰক্ষী অধীক্ষক গৰাকীয়ে জনাইছে যে এই চাফাই অভিযান তথা প্লাষ্টিক নিৰ্মূল কৰণ কাৰ্যসূচী সমাজৰ পৰা প্লাষ্টিক নিৰ্মূলকৰণ আৰু এই ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে মূল উদ্দেশ্য । লগতে এই কাৰ্যসূচীৰ বাবে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, আগন্তুক পূজা কমিটীৰ বিষয় বিবীয়াৰ লগতে থানাৰ সদস্যসমূহৰ সহায় লয় ।

লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে সমাজৰ পৰা প্লাষ্টিক নিৰ্মূল কৰণৰ বাবে ৰাইজৰ সহায় সহযোগিতা আশা কৰিছে । আজি ২ অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষেয়ে হাতত লোৱা হয় এই কাৰ্যসূচী ।নাহৰকটীয়া আৰক্ষীৰ এই প্লাষ্টিক নিৰ্মূলৰ বাবে লোৱা পদক্ষেপক ৰাইজে শলাগ লৈছে।

অধিক খবৰৰ বাবে পঢ়ক: জাতিৰ পিতাৰ স্বচ্ছ আৰু সেউজ দেশ গঢ়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Batadrava MLA Angoorlata Deka appeals for boycott of single-use plastic in State

Next Story
চাকৰি