প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন পদক্ষেপ:খেতিয়ক,ব্যৱসায়ী সকলৰ বাবে নতুন পেঞ্চন আচঁনি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন পদক্ষেপ:খেতিয়ক,ব্যৱসায়ী সকলৰ বাবে নতুন পেঞ্চন আচঁনি

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ খেতিয়ক, ব্যৱসায়ী আৰু ট্ৰাইবেল ছাত্ৰ ছাত্ৰী সকলৰ বাবে আনিলে ৩ টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নতুন আঁচনি।

মোদীয়ে আগবঢ়োৱা নতুন আঁচনিটোৰ নাম প্ৰাইম মিনিষ্টাৰ মনধন যোজনা(prime Minister kisan nandhan yojna) বুলি কোৱা হয়।এই আচঁনিৰ আধিনত দেশৰ খেতিয়ক সকলে মাহিলী পাব ৩০০০ টকা লগতে এই আচঁনিৰ আধিনত ৬০ বছৰৰ পিছৰ কৃষক খিনিৰ বাবে কৰা হ'ব পেঞ্চনৰ ব্যৱস্থা।

যাৰ বাবে ১৮ ৰ পৰা ৪০ বছৰ বয়সৰ কৃষক খিনিয়ে চৰকাৰৰ ওচৰত নাম ৰেজিষ্ট্ৰাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰা কৃষক খিনিয়ে মাহিলী ৫০ টকা আৰু ২০০ টকা তেওঁলোকৰ বয়সৰ হিচাপত পৰিশোধ কৰিব লাগিব। লগতে সেই একেই পৰিমানৰ ধন চৰকাৰেও জমা কৰিব। এই পেঞ্চন আচঁনি কমেও ১৩ লাখ কৃষকে ৰেজিষ্টাৰ কৰিব যাৰ বাবে চৰকাৰে প্ৰিমিয়ামৰ বাবদ ব্যয় কৰিব ১৬ কোটি টকা।প্ৰতীক স্বৰূপে, ঝাৰখণ্ড, হাৰিয়ানা,বিহাৰ, তামিলনাডু আৰু দেশৰ আন ৰাজ্যৰ পৰা বাছনি হোৱা ৭ জন কৃষকক এই পেঞ্চন কাৰ্ড দিয়া হয়।

দ্বিতীয়টো ৰাষ্ট্ৰীয় আঁচনি মোদীয়ে আগবঢ়ায় দেশৰ ব্যৱসায়ী আৰু আত্মনিয়োগকাৰী সকলৰ বাবে।এই আচঁনিটোক ও PMKMY বুলি জনা যায়। এই আচঁনিটোৰ পৰা দেশৰ ৩ কোটি ব্যৱসায়ী আৰু আত্মনিয়োগকাৰী লাভৱান হব। প্ৰতীক স্বৰূপে, জম্মু কাশ্মীৰ, অসম, ৰাজস্হান, তামিলনাডু, ঝাৰখণ্ড আৰু আন ৰাজ্যৰ মুঠ ৭ জন কৃষকক এই পেঞ্চন কাৰ্ড আগবঢ়ায়।

বৃহস্পতিবাৰে,তৃতীয়টো আঁচনি প্ৰদান কৰে একলব্য ম'ডেল ৰেচিডেন্টিয়েল স্কুলত।সমগ্ৰ দেশতে প্ৰতিষ্ঠা হ'ব লগা মুঠ ৪৬২ খন স্কুলৰ ভিতৰত ৬৯ খন থাকিব ঝাৰখণ্ডত। অহা ৩ বছৰৰ ভিতৰত এই আচঁনি কাৰ্যকৰী কৰা হ'ব। প্ৰতিখন স্কুলত থাকিব ৪৮০ ট্ৰাইবেল ছাত্ৰ ছাত্ৰী। লগতে তেওঁলোকক বিভিন্ন ধৰনৰ খেল সম্পৰ্কে প্ৰশিক্ষণ ও দিয়া হব।

তাৰোপৰি মোদীয়ে সিদ্ধান্ত লৈছিল যে , ২৯০ কোটি টকা ব্যয়ৰে চাহেবগঞ্জত দেশৰ দ্বিতীয়টো মাল্টিমডেল টাৰ্মিনেল বনোৱা হ'ব । মোদীয়ে এই মাল্টি মডেল টাৰ্মিনেল চাহেবগঞ্জত ২০১৭ চনত স্হাপন কৰিছিল। এইটো দেশৰ দ্বিতীয়টো আৰু তৃতীয়টো মাল্টিমডেল টাৰ্মিনেল টাৰ্মিনেল(multi model terminal) জল মাৰ্গ বিকাশ প্ৰজেক্টৰ ( jal Marg vikash project) অধীনত গংগা নদীত নিৰ্মাণ কৰা হয়। প্ৰধান মন্ত্ৰী মোদীয়ে এই আচনি প্ৰথমে বাৰানসীত উদ্বোধন কৰিছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com